দেহা, আমি
যে একেলগে কটাইছিলোঁ মুখামুখি
প্ৰতিটি সন্ধিয়া- সন্মুখত নবজা হাৰমনিয়ামটো লৈ;
ইমন কল্যানেৰে সন্ধিয়া পাৰ হৈ
আমি কাটিছিলোঁ মালকোশৰ ৰাতি।
চিৰাজ ভাইৰ হাৰমনিয়ামটোৰ অভাব বাৰুকৈ অনুভৱ কৰোঁ।
দৰং মহাবিদ্যালয়ৰ ছাত্ৰাবাসৰ ভঙা হাৰমণিয়ামটোও আছিল
এনেয়ে পৰি বহুদিন মোৰ ওচৰত। বাৰে
বাৰে আক'
কোনোবাই যেন সুধিছে, সেইটো দেখিলেই মনলৈ ইয়াকে আহিছিল,-
বুকুৰ কামিহাড় হ'লে দালি দালি কালৈ চিন্তা কৰি থাক'...
সমুখত ভঙা হাৰমনিয়াম। মানুহ নথকা ঘৰ।
দুৱাৰ আছে খিৰিকী আছে
নোলায় নোসোমায় কোনো। কোনো অতিথি। কোনো
চোৰ।
সম্ভাৱনাৰে চহকী এটা প্ৰাণহীন দেহ
এটা ঘৰ্ষণৰ বাবে উন্মুখ কিন্তু
কাৰো হাতৰ পৰশ নপৰা এটা জুইশলা বাহ
এদিন তই কৈছিলি চতিয়না ফুলিলে তোৰ শ্বাস-কষ্ট হয়।
মোৰ হাৰনিয়ামবোৰৰ যেন সদায়ে চতিয়না ফুলে দূৰ ব্যাপ্তি।
হাপানি ৰোগীৰ দৰে কাহানিও সিহঁতৰ মাত ঠিকে নোলায়।
তথাপি হাৰমনিয়াম! আঙুলি বুলাওঁ নাজানি নুবুজি বাৰেপতি
হাৰিমনিয়াম। এটা চাৰিকুনীয়া বাকচ। তাতে
ছটি ছিদ্ৰ শ্বাস প্ৰশ্বাসৰ।
চাৰিবেৰৰ এটা ঘৰ। লালনৰো ঘৰ, মাধৱ দাসৰো ঘৰ। আৰু আজানৰ।
সেই ছটি ছিদ্ৰইদি অহা যোৱা কৰে ছজন নাৱৰীয়া। ছজন চোৰ।
এই দেহ ঘৰত বাৰু ছয় চোৰে সিন্ধি খান্দে, চুৰি কৰে কোনে?
এই দেহ নদীত ছজন মাঝিয়ে ব'ঠা মাৰে, গুৰি ধৰে কোনে?
যমুনাৰ বালিত পৰিল ৰাজহংসৰ পাখি
ক'তেবা আছে মাধৱ
দাসৰ পূৰ্ণানন্দ হৰি?
কাণখোৱা তোৰ মাটিৰ শৰীৰ, মাটিৰ ঘৰ
কাহানি দাউ দাউ হয় শুকান বাঁহৰ খৰি।
বুকুৰ কামিহাড়ত সঁজাল আঙুলি বুলায় কোনে?
হাৰমনিয়ামটোৰ এই যে ক'লা বগা ক'লা বগা কামিহাঁড়
উঠা নমা কৰে কাৰ হাতৰ পৰশত ঘনে ঘনে?
মই এটা হাৰমনিয়াম। লাগে মাথোঁ হাতৰ পৰশ তোমাৰ।
এই বাগানতেই ফুল ফুলিছে, তাৰ সৌৰভত জগত মজিছে
মাথোন নমজিল লালনৰ মন। কাণখোৱানো
বাৰু কোন কূটা?
সন্ধিয়াৰ আকাশত মোৰ হাত একেবাৰে নাই, কি ফুল ফুলিছে?
মইনো কি জানোঁ বাৰু, কোনে বাচিছে গুটি গুটি তৰাফুলৰ বুটা?
কামৰ পৰা উভতি আহি নিতৌ থিতাতে
হাৰমনিয়ামটো উলিয়াওঁ
ক'লা আৰু বগাৰে
কামিহাড় আছে তাতে।
তাতে আঙুলি সযত্নে বুলাওঁ।
একোটিকে মাৰলি শাৰী শাৰী ৰুৱা তাত
মাৰলিত বিন্ধিলে ঘূণে
বাৰে বাৰে হতাশ হওঁ, একোকে নেজানিলোঁ।
অথচ এনেকৈয়ে ইয়াতে হেনো, জানোঁ জানোঁ,
ইয়াতে শইচ ফলে। ইয়াতে জুই জ্বলে। ইয়াতে
জীৱনে বিজুলীয়ায়।
বেলি বুৰে, বেলি
উঠে _ নৃত্যৰতা হয় দেখোঁ সসাগৰা পৃথিৱী ঘনায়
মোৰ জীৰ্ণ শীৰ্ণ শৰীৰটো একোবাৰ চুই চাওঁ
কামিহাড়বোৰ চুলে বুজি পাওঁ কিবা এটা বাজি উঠিছে
মাথোঁ এটা ছন্দৰ অভাৱ। এনেকৈয়ে
বুজি পাওঁ
এই মনৰ লগতে এই দেহেও তোমাকেই বিচাৰিছে

No comments:
Post a Comment