Friday, May 16, 2014

দবা (চনেট)


কোনো সিদ্ধান্তৰ বাবেই জীন থমকি নৰয়     
এই যে থমকি ৰোৱা পদে পদে, কাৰণ অকাৰণ-    
সেয়া সাময়িক। ক্ষণিক চাঞ্চল্য, ক্ষণিক সম্বৰণ। 
তথাপি ভাবি গুণি দিবা খোজ- গুণীজনেও কয়।   

মোৰ প্ৰত্যেকটো চাল বাৰে বাৰে প্ৰতিহত হয়   
তোমাৰ বাধাত। ৰুধিত কৰা মোৰ ইপ্সিত চলন  
তোমাৰ হাতেৰে লাঞ্ছিত হোৱাৰ যি মাদকতাকণ-    
তোমাৰে সৈতে দবা খেলো তাৰ বাবেইতো নিশ্চয়।  

এই খেলা এনে এক খেলা কোনেও কাকো হৰুৱাব নোৱাৰে য'ত   
কোনোবাখিনিত নিজে নকৰিলে ভুল- অজানিতে কিম্বা স্বেচ্ছায়।    
একোটা ভুল সিদ্ধান্ত লৈ বুজি উঠোঁ, কিবা এটা ভুল হ'ল- তৎক্ষণাৎ   
বুজি উঠোঁ অনিবাৰ্য পৰিণতি তাৰ কি হ'ব, মাথোঁ পৰাজয়।  
আজিলৈ তুমি জিকিলা, মই হাৰিলোঁ। টপ্‌কৈ চুমা দিলা কপালত,  

ক'লা, তুমি হাৰি যে মোক জিকালা, এই জয়োতো তোমাৰেই জয়। 

No comments:

Post a Comment