খুটি এটা পুটি মাটিত মানুহে নাম লিখি থয় ফলকত
এই মাটি মোৰ মাটি
এই ভেম দেহা মাটি হয় আকৌ কোন বা পলকত।
হয় কাণখোৱা ই কথাই খাটি।
মোৰ নামেৰে ক'তো মাটি নিকিনিবি পিতাই
বৰষুণ সেমেকা মাটিত চুমা এটা খালোঁ
ভালপাই
তাৰেই পৃথিৱীখন নিজৰ কৰি ল'লোঁ
মোৰ নামেৰে ক'তো ঘৰ নাসাজিবি পিতাই
কিমান ঘৰ কেনেকে পুৰি ছাই হ'ল, দেখা নাই?
এই অৱয়বৰ বাহিৰে মাটি ক'ত? মাটি?
এই শৰীৰ যদি মাটিৰ হয়, সঁচায়ে,
এই শৰীৰক ভালপালেই চোন মাটিক ভালপোৱা হয়।
শইচৰ শাহ বিয়পক মাটিয়ে মাটিয়ে।

No comments:
Post a Comment