ৰামচন্দ্ৰৰ জন্মৰ চন তাৰিখ
মোৰ দেশৰ মানুহে কাহানিও সোধা নাছিল
কাৰণ সেই সবিশেষ আইতাই জানিছিল
ৰামচন্দ্ৰৰ জন্ম হৈছিল আমাৰ গাঁৱত
এজোপা তুলসীৰ তলত সি ঘূৰি ফুৰিছিল
আজি এইখন দেশ মোৰ দেশ নহয়
মোৰ ব্ৰহ্মাণ্ডৰ বয়স নিৰ্ধাৰণ কৰিছিল মোৰ মাতৃভাষাই
মাটিৰে বেৰ লেপি ঘৰ সজা মোৰ আয়ে জানিছিল
মানুহ মাটিৰ ঘৰ
মাটিয়ে নিচিনে আপোন পৰ
দবাৰ কোবত দোঁ খাইছিল চকুৰ পতা
ঢোলৰ চাপৰত আপুনি খহিছিল নদীৰ গড়া
ভাগৱতৰ ভ-টো নজনা গধূলি গোপালে
জানিছিল ভকতিৰ কথা
চকুৰ পতাৰ কঁপনি, বুকুৰ ধপধপনি
আৰু নিজাৰ ৰাতিৰ উচুপনি -
সংজ্ঞায়িত নোহোৱাকৈয়ে ৰৈছিল সিবোৰ অতকাল
মূৰ্তি আমি সজা নাছিলোঁ, ছবি আমি অঁকা নাছিলোঁ
উঁইয়ে খায়, শেলায়ে ঢাকে
ভেঁকুৰ গজে চুকে কোণে
কৃষ্ণৰ ভৰিৰ নেপুৰ বাজিছিল শুকান মেদেলুৱাত
শ্যামকানুৰ দেহৰ ৰং দেখিছিলোঁ মুকলি আকাশত
হঠাৎ আজি দেখিলোঁ মোৰ দেশলৈ আহিছে ৰাম
হঠাৎ আজি দেখিলোঁ মোৰ দেশলৈ আহিছে কৃষ্ণ
ক'লৈ গৈছিলি ৰাম তই চিন হেৰুৱালি
কেলেই যে কৃষ্ণ তই উৰাল ভাঙিছিলি...
কিমান বাৰ যে আই বোপায়ে সোঁৱৰাইছিল
কলীয়া দূৰলৈ নাযাবি, কলীয়া চমুতে চৰাবি
ধেনু...


No comments:
Post a Comment