ভেবেলাটোৰ দৰে মই ইটোৰ মুখলৈ চাওঁ - সিটোৰ মুখলৈ চাওঁ -
তেনেই চিনাকি যেন লগা মানুহবোৰো দেখোন অচিনাকি হৈ ৰয়।
কোনেও কাৰো চকুলৈ নাচায় কিয়, কিয় বা কোনেও একো নকয়...
সহস্ৰ অভিনেতাৰ সমাবেশৰ এই নাটত মোৰো অসাৰ ভাও!
এই চলমান মঞ্চত উপবিষ্ট হ'লেই সকলো নিজান নিমাও।
দুখবোৰ, হাঁহিবোৰ, চকুলোবোৰ- কেনেকৈ যে ক'ত নোহোৱা হৈ যায়।
প্ৰাপ্তি নাই, অপ্ৰাপ্তি নাই, মানুহবোৰৰ শৰীৰত কোনো
ভাষা নাই।
তুমুল ব্যস্ততাৰ ধামখুমীয়াতো বাহাল ৰয় স্থবিৰতাৰ শাও!
নিৰ্জীৱ বস্তুৱেও কিবা কয়- ৰাস্তাত পৰি থকা বুটামে কথা কয়;
এখিলা সৰাপাতে, বেৰত লাগি থকা এটা আঁচোৰে, দিয়ে কিবা
ঊহ।
সন্ধিয়া তৰপীয়া এন্ধাৰে, মেজত চাহৰ কাপ থোৱা দাগ এটাই...
সকলোৱে দেখোন কিবা কয়েই কয়; সলাই লয় সুখ কিম্বা দুখ।
দিল্লীৰ মেট্ৰ'ত আউট অফ দা স্পেচ- অগণন মানুহ। ভাষা নাই।
স্মাৰ্ট চিটিত স্মাৰ্ট ফোন হাতে হাতে। আহে আৰু যায় ভেবেলা
মানুহ।

No comments:
Post a Comment