Monday, March 21, 2016

জেনেৰেল


জেনেৰেল, আপোনাৰ টেঙ্ক এক শক্তিশালী বাহন। 
ই নিমিষতে মোহাৰি পেলায় হাবি-বন আৰু মহতীয়াই নিয়ে শ শ মানুহ।
কিন্তু ইয়াৰ এটা আঁসোৱাহ আছে-
ইয়াক চলাবলৈ এজন চালক লাগে।

জেনেৰেল, শক্তিশালী আপোনাৰ বোমাৰু বিমানখন।
ই ধুমুহাতকৈয়ো বেগেৰে উৰে আৰু হাতীতকৈয়ো বেছি বহন কৰে ভৰ।
কিন্তু ইয়াৰ এটা আঁসোৱাহ আছে-
ইয়াক এজন মেকানিক লাগে।

জেনেৰেল, মানুহ বহুত কামত আহে। 
ই উৰিব পাৰে, ই মাৰিব পাৰে।
কিন্তু ইয়াৰ এটা আঁসোৱাহ আছে-
ই চিন্তা কৰিব পাৰে।

(- বাৰ্টোল্ট ব্ৰেখট)

No comments:

Post a Comment