তুমি যেতিয়া শুই থাকা তেতিয়াই মোৰ
আটাইতকৈ ভাল লাগে।
শুই থকা তোমাৰ মুখনি যে নিস্পাপ,
নিষ্কলুষ, সহজ। সঁচাকে।
মই ৰৈ ৰৈ চাই থাকোঁ, চাই থাকি কি
জানো কি ভাবি থাকোঁ বাৰে বাৰে
তুমি যেতিয়া শুই থাকা তেতিয়াই মোৰ
আটাইতকৈ ভাল লাগে।
বহুখিনি হেৰোৱা বিশ্বাস উভটি আহে।
ঠিক এনেকুৱাই লাগে,
সকলো জটিল মেৰপাক সুলকি আহে। সকলো
সহজ হৈ আহে।
এয়েতো, যাৰ অপেক্ষাত আছিলোঁ মই বছৰে
বছৰে মাহে মাহে
সৰু বৰ সকলো কথা ভাল লাগি আহে। ঠিক
এনেকুৱাই লাগে
তোমাৰ ফুল কোমল মুখনি কোলা কৰি
লওঁ
পদুম পাহি চকুৰ দুপতা চাই চাই
ৰওঁ
সদায়ে শুনিব খুজিলেও নুশুনা কাহানিও
এটা অদ্ভূত সাধুকথা নিজেই নিজকে কওঁ।
সেইবাবেই মই নিচুকণি গীত ভাল
পাওঁ।
নিশব্দে নিৰব্দে শুই থকা তোমাক ভাল
পাওঁ।
২০১০

No comments:
Post a Comment