Monday, July 30, 2018

আধাটোপনিত


আধাটোপনিত শুনিছিলোঁ‌
ল'ৰাবোৰে উত্ৰাৱল হৈ
ঢোলত চাপৰ মাৰিছিল
ছোৱালীহঁ‌তে কিৰীলি পাৰি
হাঁ‌হি খিকিন্দালি কৰিছিল
আধাটোপনিত শুনিছিলোঁ‌
মানুহে ৰাউচি জুৰি কান্দিছিল

আধাটোপনিত
দেখিছিলোঁ‌ নাৰ্জী ফুলৰ মালা
দেখিছিলোঁ‌ তামোলৰ থোক
দেখিছিলোঁ‌ আমপাতৰ মালা

আধাটোপনিত জ্বলিছিল
কটা কোমোৰাৰ ভোটা
বঘাসুৰ মৰিবৰ সময় হৈ আহিছিল
আধাটোপনিত
মানুহবোৰে হৰিধ্বনি দিছিল
কোনোবাই হেঁ‌চুকি দি কৈছিল-
আঁ‌ঠু ল, আঁ‌ঠু ল

আধাটোপনিত কোনোবাই কৈছিল,
জগাই দে
আধাটোপনিত কোনোবাই কৈছিল,
নজগাবি

আধাটোপনিত কোন কালৈ পলাই গৈছিল
আধাটোপনিত কোন অকালতে ঢুকাইছিল
আধাটোপনিত শৰাইঘাট দলঙত
ওফৰি পৰা খুচুৰা পইচাৰ শব্দ শুনিছিলোঁ

শুনিছিলোঁ ঘৰ এৰি পলোৱাৰ গান
শুনিছিলোঁ ঘৰলৈ ওভতাৰ গান
আধাটোপনিত

আধাটোপনিত নেওতা এখন মুখস্ত হৈছিল
কাণচেপাটোলৈ ভয় নোহোৱা হৈছিল
আধাটোপনিতে
দুৱাৰৰ চেপত টকৌ এটা ভাঙি খাইছিলোঁ
আধাটোপনিত বৰঘৰৰ মেকুৰী সৰুঘৰলৈ গৈছিল

আধাটোপনিত দেখিছিলোঁ‌-
হাতত জোৰ লৈ এজাক মানুহ
আধাটোপনিত শুনিছিলোঁ‌-
এই জুই জ্বলিছে, জ্বলিছে, জ্বলিবই
আধাটোপনিত শেষ ৰাতিৰ চিঞৰি চিঞৰি কৰা
মাইকৰ ঘোষণাটোও তল পৰে
আধাটোপনিত ফুচফুচনিও বৰ হৈ আহে
বৰ হৈ আহে
আধাটোপনিত দুৱাৰত পৰা টোকৰবোৰ
আধাটোপনিত বুটজোতাৰ শব্দবোৰ

আধাটোপনিত নথকাহ'লে কিজানিবা
তই আগবঢ়াই দিয়া হাতখনত ধৰিলোঁ‌হেতেন
কিজানি দিলোঁ‌, কিজানিবা নিদিলোঁ‌
তই সোধা প্ৰশ্নটোৰ উত্তৰ
আধাটোপনিতে

আধাটোপনিত সময়ৰ হিচাপ নাথাকে
বহুত পলম হৈ গ'ল আৰু সময় এতিয়াও আছে
দুয়োটা কথাৰ মানে একেটাই হৈ পৰে
আধাটোপনিত
মই কি দেখা নাছিলোঁ‌, কি দেখিও নেদেখাৰ ভাও জুৰিছিলোঁ‌
তই কান্দিছিলি অভিযোগত
আধাটোপনিত চিলমিলকৈ তোক পালোঁ‌ নে নেপালোঁ‌
কাক পালোঁ‌ কি হেৰুৱালোঁ‌ কি আছিল কথাবোৰ কি হ'ল
চিলমিলকৈ কি দেখিলোঁ‌ আৰু কি কি শুনিলোঁ

আধাটোপনিৰ এটা কথা ভাল
ইয়াত আৰু অলপ সময় সাৰে থকাৰ ইচ্ছা
আৰু আৰামেৰে টোপনিত ঢলি পৰাৰ ইচ্ছা
দুয়োটাই এক হয়
এনেকুৱা আধাটোপনিতে জীৱন এটা জীয়াই থাকোঁ‌
ঢলি পৰাৰ আগে আগে

মৰাটো, বা নিজকে শেষ কৰি পেলোৱাটো
একো ডাঙৰ কথা নহয়
কিন্তু তাৰ পিছত কি হ'ল সেয়া চাই যাবলৈ নাপাম যে
চাই যাবলৈ আমাৰ দুৰ্বাৰ হেঁপাহ
আৰু অলপ চাই যোৱাৰ হাবিয়াসখিনি এৰিব নোৱাৰোঁ‌

আধাটোপনিত
মোৰ কপালত
কোনোবাই হাত
এখন ফুৰাই দিছিল

কাৰ জানো হাত আছিল সেইখন
আধাটোপনিত



1 comment: