যুদ্ধলৈ আৰু ভয়
নালাগে,
শান্তিৰ প্ৰস্তাৱলৈ লাগে যিমান।
গৃহস্থই সিন্ধি খান্দি চোৰক আলহী পাতে, অ' কবিৰা
কুটুমৰ মঙহৰ আঞ্জা ৰান্ধি খুৱায়।
বাতৰিবোৰ গল্প। গল্পবোৰ বাতৰি।
পোৰা মানুহৰ দৰে গোন্ধায় সন্ধিয়াৰ মাধৈমালতী।
এতিয়া ইয়াত অধিবাস্তৱেই বাস্তৱ, অ' ফকীৰা,
ননচেন্সেই চেন্স।
ঘৰবোৰ ধোঁৱাই থাকে। চৌকা নজ্বলা ঘৰবোৰো।
কোনোবাই দেশক ভালপাওঁ বুলিলেই গা কঁপি উঠে।
নৱজাতকৰ মগজু গৰু আৰু গাহৰিৰ চৰ্বিৰে সৈতে
ভাজি খাওঁ বুলি দে পানী পখালোঁ মুখ
পদ্য মাতে কুঁহিপতীয়া ওঁঠে।

No comments:
Post a Comment