সোণ
মোৰ টোপনি যা। এতিয়া এয়া নিজম ৰাতি। (১৮)
গছবোৰ
শুলে। চৰাইবোৰ শুলে। বাটৰ কুকুৰো নিমাত। (২২)
মুজ্জাফৰপুৰৰ
ডেৰশ শিশু শুলে। মানুহবোৰো নিমাত। (২২)
জোৰবোৰ
এতিয়া জ্বলা নাই। নুমাই আছে বাতি। (১৮)
শটো
পেলালোঁ কথা ক’ব নোৱৰাকৈ ডিঙিটো কাটি। (১৮)
কণ্ঠবোৰ
এতিয়া বন্ধকত, নহ’লেবা ঘাতকৰ জিম্মাত। (২২)
শুনিও
নুশুনি শিয়ালৰ ৰাও, কোনেনো কৰে জানো বাজিমাৎ!
(২২)
সোণ
মোৰ টোপনি যা। এয়া নিজম নিমাও ৰাতি। (১৮)
প্ৰশ্নবোৰ
মাটিত পুটি থ’লেই তাতে গজে ন্যায়নিষ্ঠা। (২০)
সোণ
মোৰ টোপনি যা। নিজান এন্ধাৰত কোনেও কাৰো নিচিনে ভেশ। (২৫)
আজি
সকলো সুখী; ভেনামাখিবোৰো, দেখি সৰ্বত্ৰ বিষ্ঠা।
(২০)
ভজি
মন মজি মন ভকতিত সকলো শুলে এতিয়া পাহৰি ক্লেশ।
(২৫)
সুখৰ
বাতৰিৰে ভৰি থাকে বাতৰি-কাকতৰ পৃষ্ঠা। (২০)
সকলো
ভাল এতিয়া ইয়াত এইখন ঈশ্বৰৰ জন্ম হোৱা দেশ।।
(২৫)

No comments:
Post a Comment