Monday, December 21, 2020

তোমাক ভালপাওঁ

তোমাক ফুলৰ দৰে ভালপাওঁ। আজিলৈকে গছৰ পৰা ফুল ছিঙা মনত নাই।

তোমাক পথাৰৰ দৰে ভালপাওঁ, আজিলৈকে পথাৰত হাল বাই পোৱা নাই।
তোমাক নদীৰ দৰে ভালপাওঁ, আজিলৈকে সাতুৰিবলৈকে শিকা হোৱা নাই।
তোমাক আকাশৰ দৰে ভালপাওঁ, বহুদিন আকাশলৈ মূৰ তুলি চোৱা মনত নাই।
ভালপোৱাৰ অধিকাৰ আছেনে নাই সুধি চোৱা নাই নিজকে।
ভালপাৱা মোৰ ক্ষমতাই কুলায় নে নাই সুধি চোৱা নাই নিজকে।
নিশকতীয়া শৰীৰ। অস্থিৰ মন। জল্পনা-কল্পনা কিম্বা পৰিকল্পনা একো নাই।
এদিন তুমিও মোক ভালপাওঁ বুলিবা আৰু তাকে শুনি হাৰ্টফেইল কৰি মৰিম
জীৱনত ইচ্ছা বুলিবলৈ সেইকণেই ৰ’ল।
ৰাস্তাৰ কাষত পৰি থকা শিল এটুকুৰাৰ দৰে ভালপাওঁ
উঁই হাফলুৰ দৰে নে কুমজেলেকুৱাটোৰ দৰে?
অথবা এই পৃথিৱীত বিৰাজমান যিকোনো হক অনাহক অস্তিত্বৰ দৰেই
তোমাক ভালপাওঁ।
প্ৰাৰ্থনা গাবলৈ যেতিয়াৰ পৰা এৰিলোঁ
মুখেৰে বিৰবিৰাই থাকিবলৈওতো কিবা এটা লাগিল
সেয়েই হয়তো ভালপাওঁ ভালপাওঁ বুলিয়ে আওৰাওঁ তোমাৰ নাম
তোমাক তোমাৰ দৰে ভালপাওঁ
পিছে কেনেকৈনো ক’ব লাগে কথা এষাৰ সেইটোকেই শিকা হোৱা নাই।



No comments:

Post a Comment