Wednesday, June 4, 2014

কিবাৰ পৰা কিবা

এজন বুদ্ধিজীৱীয়ে সমাজ পৰিৰ্তনৰ বাবে
লিখিব খুজিছিল এটা লেখা।
তেওঁ লিখি অটোৱালৈকে সমাজখন সলনি হৈ
কিবাৰ পৰা হ'লগৈ কিবা।

এজন প্ৰকৃতিপ্ৰেমীয়ে পৰিবেশ সংৰক্ষণৰ বাবে
উলিয়াব খুজিছিল কিছু নতুন পদ্ধতি।
তেওঁৰ গৱেষণা চলিল যি চলিলেই
পৰিবেশৰ ৰূপ
কিবাৰ পৰা হ'লগৈ কিবা।

এজন নিবনুৱাই নিজাকৈ উদ্যোগ এটা গঢ়িব খুজি
গুণা গঁঠা কৰিলে বহুত।
পুঁজি সংগ্ৰহ হয় মানে তেওঁৰ, অৰ্থনীতিৰ মানে
কিবাৰ পৰা হ'লগৈ কিবা।

আমি ভাবিছিলোঁ
এটা নতুন সম্পৰ্ক আৰম্ভ কৰাৰ কথা।
আখৰা খছৰা আৰু মত অমতৰ পৰ্ব
চলিয়েই থাকিল, সম্পৰ্ক গৈ-


কিবাৰ পৰা হ'লগৈ কিবা।

No comments:

Post a Comment