For if the sun breed maggots in a
dead dog, being a
god kissing carrion…
[HAMLET, Act 2, Scene ii]
কিহৰ ইমান খঙৰ ভমক তোৰ?
হে’ৰ বলিয়া বেলি, নে নে, ততালিকে
আজিয়েই নে দেই পুৰি সকলোকে
তেনেহে যদি মন ভৰে ভৰক তোৰ...
মেঘত আশ বৃথা হে’ৰ চাতক তোৰ
পৰদেশত ঘূৰ বিধিৰে বিপাকে
কাণখোৱা, দেশত তোৰ মেঘে ডাকে
গুণাহ তোৰ ই ফকিৰী বেশত ঘোৰ
এটাও যদি জীৱ বাচি থাকে পৃথিৱীত, ইতিহাস
দোহাৰিব অর্বুদ বর্ষৰে।
পিপাসী গুৰুদত্তই গায়, জ্বলাই দে দুনিয়া।
দূৰ প্রান্তত বেসুৰা মালিতা।
বেলি নিহালি, ঘাম পখালি কামলৈ ওলাইছে
মানুহৰ জাক, অকলে লগেৰে।
মৰা-কুকুৰ-দেহত পোক। আনহাতে দেখিছোঁ সৰু
চৰাই, মুখত খৰিকা।
তথাপি, জানিবা, হেতেন, আকৌ, হবলা, হয় নে,
এৰা, নেকি, আৰু, বাৰু, অব্যয়েৰে

No comments:
Post a Comment