Wednesday, July 23, 2014

এন্ধাৰে গৰকা দিনৰ কবিতা

পেলেষ্টাইনৰ গাজাত ইজৰাইলে চলাই থকা সামৰিক অভিযানত যোৱা কেই সপ্তাহত সহস্রাধিক মানুহৰ প্ৰাণহানি হৈছে। এই ইজৰাইলী আগ্ৰাসনত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে শিশু সকল। বিশ্বজুৰি পেলেষ্টাইনৰ জনতাৰ প্ৰতি সহমৰ্মিতা প্ৰদৰ্শিত হৈছে আৰু এনে সময়ত শিল্পী আৰু সাংস্কৃতিক কৰ্মী সকলেও ঠায়ে ঠায়ে মাত মাতিছে। আমাৰ নকান্ত বৰুৱাদেৱেও বহুকাল আগতেই পেলেষ্টাইন শীৰ্ষক কবিতাৰে পেলেষ্টাইনৰ জনতাৰ পক্ষত ঠিয় দিছিল। আজিও বিশ্বজুৰি কবিকণ্ঠ সোচ্চাৰ হৈ উঠিছে। ইয়াত প্ৰাসঙ্গিক কেইটিমান কবিতাৰ অসমীয়া ভাঙনি আগবঢ়োৱা হ'ল। - সমুদ্র কাজল শইকীয়া

Artist: Amir Schiby
The artist created this image as a tribute to Mohammed, Ahed, Zakaria and Mohammed Bakr, the 4 boys killed on the beach in Gaza on 16/07/2014
এন্ধাৰে গৰকা দিনৰ কবিতা (১)

চামিহ অল্কাজিম (পেলেষ্টাইন)

যিদিনা তুমি মোক হত্যা কৰিবা  
মোৰ জেপত তুমি
যাত্ৰাৰ টিকট পাবা
শান্তিলৈ বুলি,
পথাৰৰ ফালে, বৰষুণৰ বাটেৰে
- মানুহৰ চেতনাৰ দিশে।
টিকটবোৰ অথলে যাবলৈ নিদিবা। 


এন্ধাৰে গৰকা দিনৰ কবিতা (২)

মুছাব ইকবাল

মোৰ জোতা পাত
কাইলৈৰ বাবে সাঁচি ৰাখা। 
যতনাই ৰাখিবা মোৰ জোতা
ক্ষত বিক্ষত হৈ মৰিবলৈ ধৰা এটা কাইলৈৰ বাবে
মোৰ জোতা পাত যতনাই ৰাখিবা।
ক্ষয়ক্ষতিৰ যাদুশালাৰ বাবে।
সেই যাদুশালাৰ বাবেই মই তোমাক দিছোঁ
মোৰ জোতা - মোৰ তেজেৰে ধোৱা জোতা
- হতাশাই শুহি লোৱা মোৰ শব্দবোৰ
- আশাৰে সানমিহলি মোৰ চকুপানীবোৰ
- নৈশব্দত জাগি উঠা মোৰ যন্ত্ৰণাবোৰ...।
ফুটবলটোও বুটলি ল'বা সাগৰ তীৰৰ পৰা।
যদি সম্ভ তেজৰ চেকোৰা নলগা
অথচ উচ্চ ক্ষমতাৰ কাপুৰুষালিৰে ভিজা কিছু অংশ যদি পোৱা
মোৰ সোঁৰণি সেই বোমাৰ খোলাতে সোমাই আবদ্ধ হৈ আছে।
প্ৰতিধ্বনিত উচুপনিত, চিৰবিদায়ৰ চুমাৰ পৰশত,
জীনৰ সকলো ৰঙেই বিষময় হ'ল,
আৰু সকলো সপোনেই মাৰাত্মক ৰসায়নিকেৰে ভৰা
কলীয়া ডাৰৰে ঢাকি পেলোৱা হ'ল। 
তোমালোকক ৰাতি ৰাতি আহি আমনি কৰা দৃশ্যবোৰ যে-
আৰু দিনত (অসৰৰ বেলা) আমাৰ বিষয়ে পঢ়িবলৈ পোৱা কথাবোৰ যে-
সেই দৃশ্যবোৰে আমাক আমনি নিদিয়ে, একোৱেই আমনি নিদিয়ে আৰু

কিন্তু যিয়ে আমাক আমনি কৰিছে আজি সেয়া হ'ল
তোমাৰ মৌনতা, তোমাৰ ধৈৰ্য,
তোমাৰ ভাবাকুল চানি, তোমাৰ পাপভৰা প্ৰতীক্ষা। 
ক্ৰোধ আজি নিজগুণে মহীয়ান,  
আমাৰ ৰূপান্তৰিত ধৈৰ্য হওক আমাৰ প্ৰতিৰোধ। 



এন্ধাৰে গৰকা দিনৰ কবিতা (৩)
আহাৰণ শাবটাই (ইজৰাইলী কবি)

মই পঢ়া সুন্দৰ কিতাপবোৰৰ নামত
মই খোৱা চুমাবোৰৰ নামত
        সৈন্যবাহিনী পৰাজিত হওক। 


এন্ধাৰে গৰকা দিনৰ কবিতা (৪)
সুহেইৰ হাম্মাদ

তোমাৰ যুদ্ধৰ ঢোলৰ ছেত মই নানাচোঁ।
মোৰ আত্মা কিম্বা মোৰ হাঁড়-মঙহ, একো বিসৰ্জন নিদিও তোমাৰ যুদ্ধৰ ঢোলত।
সেই ছেওটোত মই নানাচোঁ।
মই জানোঁ সেই ছেও।
ই প্ৰাণহীন।
যি চামড়াখনত তুমি কোবাই আছা তাক মই আন্তৰিকতাৰে চিনি পাওঁ।
এসময়ত ই জীয়াই আছিল, চিকাৰ কৰা হ'ল, চুৰি কৰা হ'ল, টনোৱা হ'ল।
ছেও তুলি জগাই তোলা যুদ্ধৰ ঢোলত মই নানাচোঁ।
তোমাৰ বাবে মই হাত নেমেলো, দুবাহু নোতোলো, টাকুৰি ঘূৰাদি নুঘূৰোঁ।
তোমাৰ বাবে মই ঘিণ কৰিবলৈ নিশিকোঁ, তোমাকো ঘিণ নকৰোঁ।
তোমাৰ বাবে মই খুন নকৰোঁ।
বিশেষকৈ মই তোমাৰ বাবে মৰিবলৈ সাজু নহওঁ।
হত্যাৰে কম্বা আত্মহত্যাৰে, মৃতকৰ বাবে দুখ-বিলাস মই নকৰোঁ।
মাত্ৰ বাকী সকলোৱে নাচিছে বুলিয়েই মই
তোমাৰ পক্ষত মই ঠিয় নিদিওঁ, বোমাৰ শব্দত নাচি নুঠোঁ।
সকলোবোৰেই ভুল হ'ব পাৰে।
জীন এটা অধিকাৰ, নিশ্চিতি যেনেকৈ নাই, তেনেকৈয়ে ই ধেমালি নহয়।
ক'ৰ পৰা মোৰ আগমণ মই নাপাহৰোঁ।
মই মোৰ নিজৰ ঢোল নিজে সাজিম।
ভালপোৱা জনক কাষলৈ আনিম, আৰু আমাৰ মন্ত্ৰেৰে আমি নাচিম।
আমাৰ গুণগুণনিৰে আমি নাচিম।
মই আনৰ দ্বাৰা বাদিত নহওঁ।
তোমাৰ ছেত মোৰ নাম কিম্বা মোৰ ছন্দ- জাহ যাবলৈ নিদিওঁ।
মই নাচিম আৰু প্ৰতিৰোধেৰে নাচিম, মই নাচিম আৰু নেৰানেপেৰাকৈ নাচিম,
নাচি থাকিম আৰু নাচি থাকিম

বুকুৰ এই ধপধপনিৰ শব্দ মৃত্যুৰ পদধ্বনিতকৈ ডাঙৰ।
যুদ্ধৰ ঢোল-ডগৰ এই উশাহৰ শব্দতকৈ ডাঙৰ নহয়।  


৫ চেপ্তেম্বৰ ২০১৪-ত "সাদিন"ত প্ৰকাশিত।

No comments:

Post a Comment