(১৭ জানুৱাৰী স্পেচিয়েল)
মাজে মাজে জ্যোতিপ্ৰসাদ মাহপ্ৰসাদ হয়
চাপৰিত চাপৰি পৰে, উঠে জাউৰিত জাউৰি
কাৰ পুতেকে সেয়া ভাল গীত গালে, হয় হয় হয়,
ভাল নাচ নাচিলে সেয়া কাৰ বা জীয়ৰী
ৰিক্সাত উঠি আহি থাকে তানপূৰা এটা
স্কুটাৰৰ আগফালে পিছফালে
ইতিভেন বা ৰাজমাও দেউতা
মাজে মাজে জ্যোতিপ্ৰসাদ মুঠিয়ে মুঠিয়ে গলিয়াই
পাগুলি থাকোঁ প্ৰসাদেৰে
আজিও নিমাতীৰ মাত নুফুটিল
কিমান শেৱালী সৰি পৰি মৰহিল
এলান্ধু লগা ৰজাৰ প্ৰসাদ নাভাগিল
চাপৰিত চাপৰি মিলাই প্ৰসাদ গলিয়াওঁ
মাজে মাজে জ্যোতিপ্ৰসাদ মাহপ্ৰসাদ হয়
মাহপ্ৰসাদ হয় আত্মপ্ৰসাদ
ভূমি আৰু বাহু নোহোৱাকৈ চলে
ত্ৰিভূজৰ চূড়াকোণৰ অন্বেষণ

No comments:
Post a Comment