Friday, February 20, 2015

বেলকনিত খছৰা

সেই নিঃসঙ্গতাৰ দিনবোৰত এদিন শুনিছিলোঁ
এটা পুৰণি অভিযোগ, কোনে জানো কৈছিল কাক
'বনৰ পখীয়েও মায়া জানে'
শুনি কান্দিছিলোঁ ওৰে ৰাতি শোকে খুন্দা মাৰি ধৰিছিল বুকু

পাৰচৰাই খেদাবলৈ বেলকনিখনত বহি আছোঁ খেদাব নোৱাৰি।
খেদালেও বাৰে বাৰে আহে। আহি ঘৰ লেতেৰা কৰে।
মজিয়াতে এইবেলি কণী পাৰিলে সিহঁতে।
বাৰে বাৰে খেদলেও মাকজনী আহি উমনিত বহেহি।

কিহৰ তাড়নাত মনি দিয়ে চৰায়ে? কিহৰ তাগিদাত?
কণী ফুটি পো‍ৱালী ওলাব। সেই পোৱালী ডাঙৰ হৈ ল'ব নেকি
পিতৃ মাতৃৰ ভৰণ পোষণৰ দায়িত্ব? আছে নেকি আমাৰ দৰে
বংশ ৰক্ষা আৰু বং গৌৰঅক্ষুন্ন ৰখাৰ কুচ কাৱাজ সিহঁতৰোঁ?
'নাৰীত্বৰ গৌ মাতৃত্বত' - এনে জাতীয় কিবা সংষ্কৃতিক শিক্ষা
আছে নেকি সিহঁতৰ সমাজতো?
কাৰ ইছাৰাত কাৰ নিৰ্দেশত মাক চৰাইজনী ইমান দায়িত্বশীল?
কিয় তাইক খেদিব খুজিও মই খেদাব পৰা নাই?
প্ৰাণৰ মায়া ৰাখি কিয় তাই উৰি যোৱা নাই?


সভ্যতাৰ বুৰঞ্জী নিলিখা চৰাই এজনীয়েও মায়া জানে

No comments:

Post a Comment