Thursday, May 21, 2015

ডিছপোজেবল্ সূৰ্য (আজাৰুৱা ডাৱৰ...)

আজাৰুৱা ডা কৃষ্ণচূড়াবুলীয়া আকাশ
কাণখোৱাৰ গছকত মৰে সোণাৰু সুৰ্য...  

একোহালি ক'লা বগা, একোহালি ৰঙীণ
একোহালি ওখোৰা মোখোৰা
একোহালি নিমজ নিপুণ

ভালে বেয়াই ওলাব চাদৰ এই একেখনি মাত্ৰ
তাৰেই ঢাকিম হিৰন্ময় পাত্ৰ

শালৰ পৰা কাটি উলিয়ালেই
চাদৰখন আৰু শালৰ হৈ নাথাকে
অসাধানী হাতৰ আয়তী মাকোৰ
উৰুলীয়াই কুৰুলীয়াই সেই যে সঘন অহা যোৱা
নাথাকে তাৰ কোনো স্মৃতিচাৰণ

মোৰ চাদৰখন টানি আজুৰি সূৰ্যটো ঘূৰে
কাণখোৱাৰ টোলোঠাত ঘূণে ধৰে...   


1 comment:

  1. Really nice, animating, scintillating, keep it Samudra.......

    ReplyDelete