Saturday, June 6, 2015

আহমদ ফৰাজৰ অজুহাত

जैसे तुम्हें आते हैं ना आने के बहानेऐसे ही किसी रोज़ जाने के लिए ...
रंजिश ही सही...
 
মনস্তাপেই হওক চোন, বুকুখন বিষাবলৈকে আহ;  
আহ, পুণৰাই মোক তই এৰি থৈ গুছি যাবলৈকে আহ।। 

এতিয়ালৈকে সুখসন্ধানী হৃদয় আছে তোলৈ হেঁপাহ;
এই জ্বলি থকা শেষ প্ৰদীপটিও নুমুৱাবলৈকে আহ।।

কতযুগ ধৰি বিষাদগ্ৰস্থতাৰ পৰাও আছোঁ দূৰত; 
অ' বুকুৰ জুৰণি মোৰ, মোক আকৌ কন্দুৱাবলৈকে আহ।।

অলপ হ'লেওতো বুজি পা মোৰ ভালপোৱাৰ চেতনাক;
কোনোবা এদিন তয়ো মোৰ অভিমান ভাঙিবলৈকে আহ।। 

মানিছোঁ বাৰু মৰম গোপনে ৰখাতে ভালপোৱাৰ শাহ;
লুকাই লুকাই কাহানিবা সি কথাটি বুজাবলৈকে আহ।।   

যেনেকৈ আছে তোৰ নাহিবৰ কাৰণে কতনা অজুহাত;
তেনেকৈ কোনোবা এদিন আৰু উভতি নাযাবলৈকে আহ।।  

আগতীয়াকৈ মৰম চেনেহ বাৰু নাছিলেই, সাইলাখ-    
এয়াই জগতৰ নিয়ম বুলি কৈ তাৰে গইনা লৈ আহ।। 

কাক নো আৰু বখানি ফুৰিম আমাৰ বিচ্ছেদৰ হেতুক;
মোলৈহে অভিযোগ তোৰ, তেন্তে দুনীয়াৰ কাৰণেই আহ।।










No comments:

Post a Comment