দুডৰা বাঁহনিৰ মাজেদি দূৰণিৰ পথাৰখন
মনি কি নমনি
জিলমিলাই জোনাকীয়ে বঢ়াইছে এন্ধাৰৰ
সৌষ্ঠৱ।
ইমানকৈ জিলিকেনে সোন?
ইমানকৈ জিলিকেনে ৰূপ?
দীন মই। হীন মই।
ধনী নহ'লোঁ, দানী নহ'লোঁ দিবলৈ একো
যি বা আছিল, নিব খুজিলে
নিব পাৰিলিহেতেন মোৰ উদং কৰি থৈ বুকু।
জিলিৰ অৰ্কেষ্ট্ৰা মন দি শুনিছোঁ
এন্ধাৰতে জীণ যাবলৈ এৰি দিছোঁ নিজকে
বাঘো নহ'লোঁ, ছাগো নহ'লোঁ
তিৰবিৰকৈ জ্বলিবলৈ এন্ধাৰতো চকু।
মাথোঁ জিলিকি থকা এন্ধাৰৰ হেজাৰ চকু
দেখি
ভাবিছোঁ
ইমানকৈ জিলিকেনে সোন?
ইমানকৈ জিলিকেনে ৰূপ?
No comments:
Post a Comment