![]() |
| Image from Sananda Mukhopadhyay |
(ক)
মোৰ এই শৰীৰটোত যেতিয়া জুই
দিবা
উৎসৱ মূখৰতাত চহৰখন ৰজনজনাই
যাওক
ল'ছালিহঁতে কীৰিলি পাৰক।
ফটকা ফুটাওক নগৰবাসীয়ে, বাধা
কাকো নিদিবা।
আতচবাজীৰে আকাশখন ছানি ধৰক
উঠকচোন বাৰু হৰিধ্বনিৰ কলৰৱ...
প্ৰচণ্ড বিষ্ফোৰেণেৰে
বিৰাট শাব্দিক আলোৰনেৰে
তুমুল কোলাহলেৰে
মই
ধ্বংস হৈ যাম
মই নষ্ট হৈ যাম। মই শেষ হৈ
যাম।
মই জ্বলি পুৰি ছাই হৈ যাম।
নিঃশেষ হৈ যাম।
![]() |
| Image From Ram Rahman |
(খ)
এই যে আজন্ম বহন কৰি আহিছোঁ
এই মোৰ শৰীৰ...
আহ্লাদেৰে
উল্লাসেৰে
ই শেষ হওক, ই শেষ হৈ যাওক...
আনন্দৰ শেষ সীমা বুলিবলৈ ইয়াতকৈ
বেছি আৰু কি লাগে?
![]() |
| Image From Ram Rahman |
(গ)
এই যে মই জ্বলি যাম, জ্বলি
শেষ হৈ যাম মই,
এই যে নাইকিয়া হৈ যাম মই
এই যে নাইকিয়া হৈ যাব মই
মোৰ মই
মোৰ
মই
মোৰ ভিতৰৰ... মোৰ মাজৰ মই...
(বুজিছেনে বাৰু, 'মোৰ' কথা
কোৱা নাই
কিন্তু,
কৈছোঁ 'মই'ৰ কথা)
তাৰ পিছত
ক'ত বিচাৰি পাম মই মোক
মোৰ
মোক
ক'ত পাম?
![]() |
| Image source: Internet |
(ঘ)
এই যে শত্ৰুতা, তোমাৰ স'তে
মোৰ, ঈশ্বৰ
এয়া আন একো নহয়, মাথোঁ, মোৰ
স'তে মোৰ...
(ৰাৱণ কথা ১৩)
(ৰাৱণ কথা ১৩)
![]() |
| Image source: Internet |
![]() |
| Image source: Internet |
![]() |
| Image source: Internet |
![]() |
| Image source: Internet |
![]() |
| Image source: Internet |









No comments:
Post a Comment