টুথব্রাছডালত কিমান
ল’ব লাগে
টুথপেষ্ট, আজিও তাৰ হিচাপখিনি
মই নাজানোঁ। ঠিক চাদৰখন এৰি
কেতিয়া কম্বল উলিয়াই ল’ব লাগে?
ৰিং কৰা ফোনটো তুলি কিমান জোৰেৰে
হেল্লো বুলিব লাগে? কিমান পৰ ধৰি
উতলালে জোখেৰে সিদ্ধ হৈ উঠে কণী?
ফুলত পানী দিব লাগে কি পৰিমাণে?
জানিব লগা এনে সৰু সুৰা অনেক
কথাই নাজানোঁ। কেনেকৈ লিখিব লাগে
ডায়েৰী? আপোন কৰি ল’লোঁ কবিতাক।
নাজানোঁ ভাল লিখে কি দামৰ কলমে।
নাজানোঁ দিনটোত কতবাৰ তোমাক
ভালপাওঁ ভালপাওঁ বুলি ক’ব লাগে।

No comments:
Post a Comment