সমুদ্ৰৰ
প্ৰশান্তিয়ে আমাৰ মনলৈ
চুনামিৰ
কথা নানে। বাৰ্ধক্যই দিয়ে
সম্ভ্ৰম;
তাকে লৈ ৰৈ থকা পাহাৰটোৱে
আগ্নেয়গিৰিৰ
কথাতো নানে মনলৈ!
আকাশত
ওপঙি থকা ডাৱৰ দেখি
ক’ব
নোৱাৰি ক’ত বা পৰে বজ্ৰপাত।
জোকাই
নল’লে কিনো চাবা নিমাখিত
দুচকু
বনৰ বাঘৰ, নিৰ্জু বিনয়ী।
নতশিৰ
হৈ ৰৈছোঁ তোমাৰ সন্মুখত
অলপ
সৌহাৰ্দ্যৰ দোহাই। শুভাকাংখ্যা!
মাথোঁ
কৈ থওঁ আজি সকিয়নি পূৰ্বক-
এই
যে কথাই প্ৰতি খুচিছা বিন্ধিছা!
কদাপি
নোজোকাবা সমাধিস্থ আত্মাক,
শান্তিপ্ৰিয় জনক দুৰ্বল নাভাবিবা। ![]() |
| Image Courtesy: Pratikshya |

No comments:
Post a Comment