বেলিৰ স’তে এদিন কথা হৈছিলোঁ। কিবা এটা নতুন কৰাৰ কথা
কৈছিলোঁ।
তাক সোঁৱৰাই দিছিলোঁ অতীত। তাৰ বিৰক্তিকৰ প্রাত্যহিক পুণৰাবৃত্তি;
সাৰশূণ্য ই জীৱন জগত - বাৰে বাৰে দেখোঁ সেই একেটি বেলি
দিনে-প্রতি।
একো যেন বুজা নাই, অঁকৰাটোহে! খং উঠিছিল। তথাপি তাক
বুজাইছিলোঁ।
ইমান সঠিক হোৱাটোও যে বেঠিক, মাথোঁ বিড়ম্বনা তাকেই
বুজাইছিলোঁ
বাৰম্বাৰ একেদৰে লাহ দি আবেলি বুৰ মৰা; আকৌ পূৱা দিয়া
ফেঁহুজালি
ব্যতিক্রমহীন ভাবে। গতানুগতিকতা কিয় বেয়া, বুজাইছিলোঁ
মনপুতি।
আৱদ্ধ তাৰ নিয়মানুৱর্ত জীৱন পৰিক্রমা। নতুনত্বহীন সি -
কৈছিলোঁ।
ক্ষমা কৰা, বেলিয়ে খুলিলে মুখ, তুমি কি কোৱা, কাণখোৱা,
বুজিকে নাই পোৱা।
ইমানবোৰ কথা মই নুবুজোঁ, তুমি কোৱাৰ দৰে অন্যদিন সম্পর্কে চোন-
মোৰ ধাৰণাই নাই। মই মাত্র সাৰ পাই উঠিলোঁ এই আজিহে
ৰাতিপূৱা।
ঠিক আজিয়েহে মই জীয়াম, মোৰ এয়ে মাথোঁ, এটাই মাত্র দিনৰ জীৱন-
জীবলৈ যি, মৰিবলৈকো সি। তাকে মই জীম। এটাই জীৱন, দিনতে
ঢুকুৱা।
স্মৃতিৰ বাবেও, বিস্মৃতিৰ বাবেও। আগলৈ পাছলৈ বুলি একো নাই
এথোন।।
("গৰীয়সী"-ত প্ৰকাশিত)
("গৰীয়সী"-ত প্ৰকাশিত)
No comments:
Post a Comment