Tuesday, August 15, 2017

ডিছপোজেবল দেশপ্ৰেম

দেশপ্ৰেমৰ কাম কি? দেশপ্ৰেমে কি কৰে?
বুজিবলৈ চেষ্টা কৰি আছোঁ নিৰন্তৰ।
বিপদৰ সময়ত নিজৰ প্ৰাণ, নিজৰ পৰিজন
নিজৰ মাটি, নিজৰ ভেটি
ৰক্ষা কৰিবলৈ সকলোটি এনেয়েও হ'ব তৎপৰ।
চাৰ্ভাইভেল অব দা ফিটেষ্ট ফৰ্মুলাৰ
এয়া যে একেই দস্তুৰ সমস্ত জীৱকূলৰ।

তেনেহ'লে দেশপ্ৰেমে কৰিলেটোনো কি?
কিহলৈনো লাগে দেশপ্ৰেম? কাকে সোধোঁ, কোনে জানে?
মই যিকণ জানো সেয়া এয়াই যে
দেশপ্ৰেমৰ হিন্দী চিনেমাই প্ৰচুৰ জনপ্ৰিয়তা পায়
লুটে দেধাৰ মুনাফা।
দেশপ্ৰেমৰ দোহাই দি ব্যৱসায়ীয়ে ঘটে
সীমা সংখ্যাহীন টকা।
দেশপ্ৰেমৰ এই পন্থা বা সেই পন্থা, কি পন্থা ভাল কি পন্থা বেয়া
এইবোৰকে ভিত্তি কৰি ৰাজনীতিকে গঢ়ে নিজৰ কেৰিয়াৰ।

দেশপ্ৰেম কাৰ আলেকৰ পালেক? কিহৰ সোণৰ সোলেং?
দেশপ্ৰেম কিহলৈ লাগে?
এই কথা কাণখোৱাই কোনোদিনেই নুবুজিব ছাগে'! 


No comments:

Post a Comment