১)
বগৰী
তোৰো বৰকৈ বগৰী খাবৰ মন গৈছিল হ'ব পায়
বাৰীত মই বগৰী ৰুম বুলিয়ে জন্ম দিছিলি আই।
কাণখোৱাৰ ঘৰৰ কাষতে আছে এটা
ভাতৰ পাহাৰ
পাহাৰৰ বুকুৱেদি বৈ আহি থাকে
নদীখন দাইলৰ
আঞ্জাৰ হাবিয়ে আগুৰি আছে পাহাৰৰ
ইপাৰ সিপাৰ।
সৌখিনিতে খৰিছানি তলত কাণখোৱা
চাহেবৰ ঘৰ।
পকি সৰি যোৱা বগৰী
এজোপা বিচাৰি বিচাৰি
চাহেব পৰবাসী হয়।।
২)
পলসৰ চনেট
"ম্যেঁ তেনু ফিৰ মিলাংগী"
গজালি ওলোৱা বুটমাহ এটালৈ চাই এনে লাগে
ইয়ো এক বিস্মৃত হাবিয়াসৰ ৰোমন্থন প্ৰমাণ।
মনালিছাই ভাবে, বাঁহীৰ মাতটো কৰুণ ইমান;
উদং বাঁহডালৰ শূন্যতাখিনিৰ কাৰণেই চাগে'।
পানীত পৰা মৌজোলৰ দেখোঁ টোপাল এটাতো জাগে
স্মৃতিৰ ষড়ভূজাকৃতি। ৰাধাকৃষ্ণৰ ছবি অংকণ
কৰা বেৰত ওলমি থকা আঁহত পাতৰ শুকান
আঁহে আঁহে সেই গছজোপাৰ শিপাৰ বিন্যাস থাকে।
মানুহ স্মৃতিৰ সৌধ। অযুত আলোকবৰ্ষৰ আগেয়ে নজনা
কোনোবাখিনিত বিস্ফোৰণক্ৰমে জন্মিছিল মোৰ শৰীৰ।
অনস্তিত্বৰ পৰা অস্তিত্বৰ প্ৰতি থকা সেই দুৰ্বাৰ তাড়না
নিনাদিত হ'ল, অসতোমা সদ্গময়, উপনিষদৰ কবিৰ।
মই চমৎকাৰ চমৎকৃত স্মৃতি গা। অৱলীলাই চহাই অনা
ফচল। তৰপে তৰপে স্মৃতিৰ
পলস। আৱৰ্তমান প্ৰবীৰ।
৩)
উত্তৰ-কাৰ্টেজীয়
"অস্তিত্বটোৱেই
কবিতাৰ আচল সংজ্ঞা তথা পৰিচয়"
এই বিপুল মহাবিশ্বত কুমজেলেকুৱাটোৰ কি কাম।
গেজেপানি লগা হাবিখনলৈ সোমাওতেই কুমজেলেকুৱাটোক পালোঁ।
"আছোঁ, আছোঁ, মই আছোঁ দেই, ময়ো আছোঁ" ।
কুমজেলেকুৱাটোৱে ক'লে।
কেনে আছা বুলি সুধিলেই ভাল বুলি দিয়া উত্তৰটোৱে আমুৱাইছে
আজিকালি।
থোৰতে কেৱল "আছানে" বুলিয়ে সুধি থওঁ।
এৰা অ', আছোঁ আছোঁ বোলা
মাতষাৰে পৰম তৃপ্তি দিয়ে।
অসতো মা সৎ গময়। এই এটা মন্ত্ৰৰেই ধূলিবোৰ উৰিছে।
মকৰাজালত গছৰ শুকান পাত এখিলা ওলমি আছে।
খাটনিয়াৰৰ ঘৰৰ পিৰালিত মানিমুনি শাক।
ব্ৰহ্মাণ্ডখন ঘূৰি আছে। সৰ্ৱে সন্তু,
সৰ্ৱে ভৱন্তু।
শালিকী এ ৰতৌ তৌ । থাক থাক থাক।
৪)
গু
"এনে মানৱ জমি ৰ'ল পৰি ছন
আবাদ কৰা হ'লে ফলে তাতে
সোণ
কৃষি কাম নাজান অ' হে'ৰ মন
কৃষি কাম নাজান অ' হে'ৰ মন"
ল'ৰাটোৱে এদিন হাতত
দোতাৰাখন লৈ
দুচকু মুদি গাইছিল ৰামপ্ৰসাদী।
নাজানো। কৃষি কাম নাজানো। নাজানো
এই মানৱ শৰীৰে সোণ কেনেকৈ ফলায়।
দৌৰি গ'লোঁ দৌৰি আহিলোঁ
সোণৰ টেকেলি এৰি থৈ আহিলোঁ
মাথোঁ সেইকণেই মনলৈ আহে
সৰুকালৰ ধেমেলীয়া পদ।
গু। সোণবৰণীয়া গু।
সকাতৰে চাওঁ বন বিৰিখ
ৰ লাগি চাওঁ চৰাই চিৰিকতি
ধাৰাল পানীয়ে নিমজ কৰি অনা শিলৰ টুকুৰা
ৰঙ বিৰঙৰ তুলিকা বোলোৱা পিঠিৰে
এটা অচিনাকি পোক।
দেখি দেখি শুনি শুনি বাৰে বাৰে অবাক হৈ ৰোৱা
কাৰো একো প্ৰয়োজন পূৰণ কৰিব নোৱৰা
মই সবাক কবি।
পেখম তুলিব নোৱাৰোঁ। মকৰাৰ দৰে
জাল ব'ব নোৱাৰোঁ। চাক
সজিব নোৱাৰোঁ মৌৰ দৰে।
অকৰ্মণ্য এই শৰীৰ কেৱল নিতৌ এটা
গু নিষ্কাষণ কৰা মেচিন।
শুঙি চাওঁ ফুল, জিভাৰে চাকি চাওঁ সোৱাদ।
কোনো সুন্দৰতাৰ নিৰ্মাণেই সম্ভৱ নহয়
মোৰ এই দেহাৰে
কেৱল উৎপাদ ব্যতিৰেকে
গু।
নিত্য নৈমিত্তিক গু।
আজন্ম গু।
আমৃত্যু গু।।
৫)
স্থপতি
পাহাৰটো খহি নপৰে বুলি জানিও
শিলৰ গুহাৰ মূধাৱৰণত কিয় কাটিছিলি
ৰুৱা পান্তি মাৰলি?
অ' পিটলখোৰৰ স্থপতি
শিলৰ ঘৰত জিৰণীয়া
বা মাৰলি।
টোকা-
"ম্যেঁ তেনু
ফিৰ মিলাংগী" - অমৃতা প্ৰীতম
"অস্তিত্বটোৱেই কবিতাৰ আচল সংজ্ঞা তথা
পৰিচয়"- নৱকান্ত বৰুৱা
"এনে মানৱ জমি ৰ'ল পৰি ছন..."-
ৰামপ্ৰসাদ সেন
সমুদ্র
কাজল শইকীয়া
Rajya Sabha
Television (RSTV),
3rd Floor,
Talkatora Stadium Annexe Building, New Delhi – 110001
email: kankhowa@gmail.com,
mobile: +91
9811375594

No comments:
Post a Comment