["কভি
কভি লগতা হেই আপুন হি ভগৱান হেই"]
ব্যাধৰ
খোজৰ শব্দ সি শুনিছিল।
পাইছিল
ধনুত গুণ দিয়াৰ উমান।
এটা
ঝংকাৰ ধ্বনি সি উনাইছিল,
গম
পাই আছিল কেনেকৈ ধাৱমান
হৈছিল
কাঁড়পাত তাৰফালে। সেইকণ সময়তে
বহুকথাই
মনত খেলা কৰি গ'ল। সেয়াও বহুত সময়।
সময়ৰ
ধাৰণাটোতো সদায়েই আপেক্ষিক।
চকুৰ
পচাৰতে এজীৱনৰ সপোন দেখিবৰ জোখাৰে
লক্ষ
লক্ষ নিউৰণ সক্ৰিয় হ'ব পাৰে।
আটাইতকৈ
অবাধ্য দমৰাটোলৈ কিয় জানো
তাৰ
মৰমটো অলপ বেছি। অভিমানো।
তাৰ
মোহন বাঁহীয়ে বলাব নোৱৰা দমৰাটোক
"হামু কৌটি ব্রহ্মাণ্ডক নায়ক" বুলি ক'ব খোজে।
নক'লে।
নকয়।
পছিমৰ
ফালে আকাশখন এতিয়াও ৰঙা।
দূৰণিৰ
পৰা কান্দোন এটা ভাঁহি আহিছে।
মানুহবোৰে
আলোচনাৰ বাবে তাক বিচাৰি ফুৰিছে
ৰথ
টানি টানি ক্লান্ত ঘোঁৰাবোৰে জিৰণি লোৱা
অস্তাবলটোলৈ
সি সোমাইছে।
এবাৰ
হাত ফুৰাই সিহঁতক মৰম কৰিবৰ মন।
কাঁড়পাত
আহি আছে। সি জানে।
শ্বাটাৰ
স্পীড বাঢ়ে টুটে
এফ
পি এছ বাঢ়ে টুটে
একেটা
স্পীডতে নুঘূৰে ৰীল
জীৱনৰো
সপোনৰো
ওৰে
দিন বাঁহী বাই বাই ভাগৰত জুৰুলা ল'ৰাটোৰ
কাষলৈ
আহি অবাধ্য দমৰাটোৱে ক'লে
ত্ৰিজগতপতি
হৈ লোকৰ ঘৰৰ গৰু চৰাই ফুৰিছ কেহেলৈ হঞে
সিও
ভাবে মাজে মাজে
সময়মতে
মথুৰালৈ গুছি যোৱাহ'লেই কিজানি ভাল আছিল
বৃন্দাৱনৰ
ধিতিঙালি এৰি
মাথোঁ
সময় নষ্ট, সম্ভাৱনাৰ অপচয়
অস্তাৱলৰ
ঘোঁৰা এটাই কলাঘূমটিৰ মাজতে কৈ উঠিল
ত্ৰিভূৱনৰ
কিমান ডাঙৰ কামৰ দায়িত্ব আছে কোনে বা জানে
অনন্ত
কৌটি ব্ৰহ্মাণ্ডৰ সমস্ত
কাষৰীয়া
কৰি লোকৰ ড্ৰাইভাৰ হৈ
সময়ৰ
অপচয় কিয়নো কৰ তই
সিও
ভাবে মাজে মাজে
কৰিব
পাৰোঁ বুলিয়েই যিকোনো কাম কৰি ফুৰা উচিত নহয়
কি
কৰিবলগা আছিল। কি হ'বলগা আছিল।
হৈ
নুঠাবোৰৰ বাবে হয়তো আৰু এটা জীৱন কাম্য
নে
মানি লোৱা ভাল যি হ'ল, যি হ'লোঁ, সেয়াই ভৱিতব্য?
সাধ্যৰ
বাজত একো নৰয়, সাধ্যমান এয়ে এখুদ জীৱন
এয়ে
পৰম প্ৰাপ্তিৰ মহাপ্ৰয়াণ
কাঁড়পাত
আহি আছে
অপ্ৰত্যাশিত
স্পীড ৰেম্পিং প্ৰত্যাশিত
ডাঙৰ
কাম এটা আছে, কিযে আৰু তই!
কবিতা
লিখি সময়বোৰ অপচয় কিয় কৰ?
ই-মেইলটো
খুলি দেখুৱাই কাণখোৱায় কয়।
মইস নাজানিলো সিটো কাণখোৱা স্ৰজিলেক কোন জনা।।
No comments:
Post a Comment