১)
সুধীবৃন্দ
সুধীবৃন্দ
সুধীবৃন্দ
ৰ'ব
সংলাপ পাহৰাৰ কথাই নাহে
আওৰোৱাই
নহ'ল
আওৰোৱাৰ
কথাই নাহে
শিকাই
নহ'ল প্ৰক্ষেপণ কলা
প্ৰক্ষেপণ
কলা দূৰতে থ'ক
সংলাপ
লিখাই নহ'ল
সুধীবৃন্দ
এখন
নিলিখা নাটকৰ অপৰিচিত মোৰ ভূমিকা
নাট্যকাৰ
নাই
পৰিচালক
নাই
আছে
কেৱল অভিনেতা
সুধীবৃন্দ!
২)
লাইটটো
নুমুৱাই দে, এবাৰ উশাহটো ঘূৰাই লওঁ
নহ'লেবা
যৱনিকাখনকে এবাৰ পেলাই দে
নহ'লেবা
এটা বিশেষ ঘোষণা হওক এইখিনিতে
ঠিক
এইখিনিতে
কিছুসময়ৰ
বাবে সকলো দৰ্শকে যেন চকু বন্ধ কৰি লয়
দুহাতেৰে
কাণখন ঢাকি লয়
উশাহটো
এবাৰ ঘূৰাই লওঁ
এবাৰ
হামিয়াই লওঁ
এবাৰ
এঙামুৰি এটাকে দি লওঁ
এইখিনিতে
ঠিক
এইখিনিতে
৩)
লাইটবোৰ
জ্বলি উঠিল
টলমল
টলমল হাজাৰ চকু সন্মুখত
খৰখেদাত
মুখখন
এবাৰ চাবলৈকে নহ'ল আইনাত
নিৰিখিবৰ
চেষ্টা কৰিছোঁ
আপোনালোকৰ
হাজাৰ চকুত
বিক্ষিপ্ত
প্ৰতিবিম্ব
মোৰ।
No comments:
Post a Comment