নান্দী সংগীতৰ পিছত
আঁৰকাপোৰ উঠিলত
মই থিয় হ'লোঁ প্ৰখৰ
পোহৰত
সহস্ৰ ৰং বিৰঙৰ শব্দৰে,
অসংখ্য অভিব্যক্তিৰে
পৰিবেষ্টিত হৈ। ভীতি,
আশা, অপেক্ষা।
যেতিয়া আঁৰ কাপোৰ
নামি আহিল
প্ৰেক্ষালয় উদং হ'ল
নিমিষতে
মোৰ সন্মুখত থকা
প্ৰেক্ষালয়ৰ দৰেই সমূলি উদং হৈ
মই তাতে ৰ'লোঁ এটা
অলিখিত পাণ্ডুলিপিৰে সৈতে।
অপ্ৰস্তুত। অকলে।
পিছে হয়
নাটকখনৰ কিছুমান
শব্দ বতাহত তৰংগায়িত হৈ আছে এতিয়াও।
মোৰ কিছুমান আংগিক
প্ৰেক্ষালয়ৰ উদং
চকীবোৰৰ বাহুত লাগি ৰৈছে
এতিয়াও।
মোৰ কিছুমান হৰ্ষ
বিমৰ্ষৰ মুহূৰ্ত বৰষুণৰ টোপালৰ দৰে
প্ৰেক্ষালয়ৰ বেৰত
থৰ থৰ হৈ ওলমি আছে
এতিয়াও।
ইমানেই।
মোৰ শূন্যতাখিনিৰ
বাবেই সেয়াই একমাত্ৰ সন্তুষ্টি।
নাটকখন যে শেষ হৈ
গ'ল তাৰ খেদ মোৰ আছে।
কেৱল নাটকেইতো নহয়,
মোৰ সমস্ত অস্তিত্ব সাঙুৰি থকা
সেই তিনি ঘণ্টা সময়ৰ
শেষ আছিল অৱধাৰিত।
এয়ে মোৰ শেষ।
মোৰ অস্তিত্বৰ একোটা
নিৰ্যাস সহস্ৰজন দৰ্শকে
লগতে লৈ গ'ল।
মোৰ এই এক একক অস্তিত্বক
বিলাই দিয়া হ'ল
এটুকুৰ এটুকুৰ কৰি
হাজাৰ দৰ্শকৰ জীৱনলৈ
হয়তো
তেওঁলোকৰ স্মৃতিলৈ।
[কুসুমাগ্ৰজ (বিষ্ণু
ৱামন শিৰ্ৱাডকাৰ, ১৯১২-১৯৯৯)
"নটসম্ৰাট"
চিনেমাখনৰ শেষ অংশত থকা নানা পাটেকাৰৰ আবৃত্তিৰ আধাৰত।]

No comments:
Post a Comment