দাউ দাউ দেহৰ জুয়ে দহিছে। ভীষণ উত্তাপ।
অপ্ৰাপ্তিৰ ৰোমাণ্টিক বিলাস আৰু কাম্য নহয়।
প্ৰাপ্তিয়েই জীৱনৰ
শেষ কথা। ভোগেই সঞ্চয়।
কাম্য নোহে বিধাতাৰ সইতেৰে গোলামী সন্তাপ।
বিক্ষুদ্ধ বক্ষত অন্তৰ্হিত ৰ'ল সমস্ত প্ৰলাপ।
লেলিহান জিহ্বাশিখা, লেলাৱটিৰ স্ফুলিংগ হয়
ভোগদেশ ভোগকাল মানচিত্ৰ ৰেখাহীন হয়।
অভিধানবৰ্জিত শব্দ হৈ ৰয় পূণ্য কিম্বা পাপ।
আজিৰ দিনটো প্ৰাপ্তিৰ। তোৰ দেহ-জুয়ে দহিছে।
কুকুহা হৈ উৰিব লাগিছে পথালিফোঁটাৰ শাস্ত্ৰ।
দেহৰ ঘঁহনিত নৈতিকতাৰ শিকলি খহিছে।
নিষিদ্ধ ঘাঁহনিত বাগৰে ডিছপোজেবল সূৰ্য।
খলকনি তুলি উতনুৱা নদীৰ গড়া খহিছে
আঘাতে আঘাতে চিৎকাৰ- জহন্নামে যাওক ৰাষ্ট্ৰ।

No comments:
Post a Comment