(যি তৰ্জনীৰে আপুনি
দেশখন চলায়
সেই তৰ্জনীৰে মই
খেকেৰু ঘুকুটিয়াই খাওঁ)
মৌ চেলেকিবৰ যিটি
আঙুলি, টোঁৱাবৰ বাবেও সেই একেটিয়েই।
তাইৰ গোপন দুৱাৰত
টুকুৰিয়াবৰো আঙুলি সেই একেটিয়েই
তৰ্জনে গৰ্জনে জোকাৰ
খাই উঠে যি তৰ্জনী
চুপ থাকিবৰ বাবে
ওঁঠত ৰাখিবৰ সেই একেটি আলফুল তৰ্জনী
এচিকুট ঘীৰ বাবে
বেঁকা হ’ব পাৰে যি
তুমি গান গালে মেজত
মেট্ৰ’ন’ম ৰাখে যি আঙুলিয়ে,
দাদৰা ৰূপক কেহেৰৱা…
এয়ে সি
অভিভাৱকত্বৰ যি আঙুলিটি,
এয়ে সি
দ্বিধা সংশয়েৰে মাটি
লেখে যি, এয়ে সি
এয়ে সি
এয়ে সি
এচিকুট ঘীৰ বাবে
বেঁকা হ’ব পাৰে যি
বাট কেনি, কেনি বাট,
মানুহে মুখ মেলি চাই ৰয় এটা তৰ্জনী কেনি
সুৰসুৰণি তুলিয়ে
দিহিঙৰ গড়া খহাব পৰাকৈ এই একেটি আঙুলি
স্বমেহন আকাংক্ষী
তোমাৰ ইচ্ছাকো সাৰোগত কৰিবলৈ কালিৰ উদ্যত
বিহজলকীয়া ভোঁহাৰি
অহা এই একেটি তৰ্জনীয়ে
গোলামী চুবলৈ আজি
নাৰাজ
অমান্য নিৰ্দেশাৱলীৰ
এই তৰ্জনীটিৰ আতিশয্য যিদিনাই বাঢ়ি আহে
মধ্যমা থিয় হৈ অহাটো
স্বাভাৱিক
যদিওবা তেনে এটা
দিনৰ কামনা কোনেও নকৰে
যদিওবা তেনে এটা
দিনৰ কামনা কোনেও নকৰে
আজিয়েই সেইটি দিন।
শুনা তৰ্জনীৰ গৰ্জনী।
তোমাৰ তৰ্জনীটিত
আজি আমাৰ মধ্যমাৰ মাধমাৰ।
আমাৰ পাঁচোটা আঙুলিয়ে
পিন্ধিছে মধ্যমাৰ ধ্বনি।
আজিৰ পৰা তোমাৰ তৰ্জনীটি
আমাৰ।

No comments:
Post a Comment