চেকুলাৰ ভগৱান এটা। মহা বইজাত!
মিচিকিয়াই
হাঁহে
সকলো
ঈশ্বৰেই বইজাত।
যিদিনাই
মানুহে ভগৱানক বল দে বুদ্ধি দে বুলিলে
সেইদিনাৰে
পৰাই বল বুদ্ধি সাং হ’ল।
এতিয়া
আকৌ
ক’ত
জানো হেৰাই পাই বুটলি আনি
অধৰ্মী
কাণখোৱাই কয়
এইটো মই
কাকো নিদিওঁ
এইটো মই
পুহিম
ধুই!
নিজৰে
অস্তিত্বৰ স্বাভিমানক কাঠগড়াত ঠিয় কৰাই
ভগৱান
এটা পুহি থকাটো কি মুখৰ কথা?
No comments:
Post a Comment