মলিয়াই থকা আমৰ ডালত কুলিয়ে ৰমলীয়ায়
বৰষুণে কোনদিনা বা সোপাই নিয়ে মহতীয়াই।।
আহাৰত ৰোপন কৰা সপোন ভাদলৈ উটি যায়
পিছে ভাওনাত মোচন দি প্ৰৱেশ কৰে দেখোঁ ভদাই।।
বিষন্ন বিমৰ্ষ মানুহৰ মুখ। স্মৃতিয়ে গঢ় দিয়ে মানুহৰ
ৰূপ।
মানুহ প্ৰত্নতাত্ত্বিক সৌধ। প্ৰতিজন মানুহ
ধ্বংসস্তূপ।
সাহ হেৰালেও জাহ নাযায়, জাহ যাব খুজিও সাহ
বিচাৰি পায়,
ব্ৰহ্মাণ্ডৰ অৱলীলাতত্ত্ব কেৱল মানুহেহে বুজি নাপায়
ভগ্নাৱশেষৰ দেৱাল ফালি এজুপি বটগছে শিপায়।।
মৰিবলৈহে কষ্ট কৰে মানুহে, অৱলীলাই
উঠে প্ৰাণ পাই
মৰিবলৈহে যত্ন কৰে মানুহে, অৱলীলাতে
উঠে প্ৰাণ পাই
অৱলীলাক্ৰমে ঘূৰে সৃজনী পৃথিৱী, পৃথিৱীয়ে
অৱলীলাৰ গান গায়।।
কথাবোৰ জানে উজানত উঠা লালুকী বৰিয়লাই
নিজানত ডকা ফুটা শব্দই কি কথা কৈ যায়।।
Thank you for this information, Best Website for Education
ReplyDelete