যুদ্ধ হৈ আছে বুলি শুনিছোঁ।
বহুত মানুহ মৰিছে ছাগৈ তাত।
বস্তু বাহানি আৰু স্মৃতি নিমিষতে কৰি ধূলিষ্যাৎ।
যুদ্ধ বিৰোধী গান আৰু কবিতাৰে
এখন যুদ্ধমুক্ত পৃথিৱী সাজিব নোৱাৰিলে মানুহে।
অথবা এনেকুৱাও হ'ব পাৰে কথাটো
গান আৰু কবিতাৰ বাবে
সময় উলিয়াব নোৱাৰিলে কিছুমান মানুহে...
No comments:
Post a Comment