[এদিন বুবুৱে আহি শোৱাপাটীৰে পৰাই জগাই দি মোক সুধিছিল-
'কাজুদা, মানুহ মৰিলে ভূত হয়, গৰু মৰিলে কি হয়?']
এটা আঙুলিত কিমান বুলি ধৰিম?
সকলো হিচাপতো আৰু আঙুলিৰে নহয়,
সেয়েহে এটা আঙুলিক একোটা একক হিচাপে ধৰি লওঁ।
নাও তল গ'ল, শিল ওপঙিল,
কোৱা বগা হ’ল, উজাই ব’লে লুইত
সেই দিন আহি গ'ল দেউ
মানুহে কেনে আছা বুলিলে
ভালে আছোঁ বুলিয়েই কওঁ।
মোৰ পুৰা বিশ্বাস যে ৰাস্তাত বাট আগচি
আপোনাক খবৰ সুধিলেও আপুনি
'ভালে আছোঁ' বুলিয়েই ক'ব।
শ-ৰ ঘৰত কৰিম নে হিচাপ? নে হাজাৰৰ ঘৰত?
এটা আঙুলি মানে এশ নে এহাজাৰ?
কিমান মানুহ মৰিব এইবাৰ? দেউ, কিমান মানুহ?
কিমান বা ঘৰ জ্বলিব এইবাৰ...
মানুহ মৰিলে ভূত হয়, ঈশ্বৰ মৰিলে একা?
নাজানো দেউ। (নিৎসেই জানিলে হেতেন বা!)
কেঞা আঙুলিটো ধৰি ৰৈ আছোঁ- কিমান বা মানুহ মৰে এইবাৰ...

Bhal Lagil
ReplyDelete