Wednesday, June 15, 2016

গঁড় চনেট


কাজিৰঙাত যেতিয়া এটা গঁড় মৰে    
-       মৰে সহস্ৰাব্দৰ বুদ্ধিৰ অহংকাৰ  
গিয়ানি মানুহে সন্ধান কৰি ভাগ্যৰ -  
ঈশ্বৰৰ পৰা আৰু এযোজন আঁতৰে   

কাজিৰঙাত যেতিয়া এটা গঁড় মৰে  
কত লক্ষ লক্ষ বৰ্ষৰ দানৰ   
মানুহে যি পালে এই জৈ বৈচিত্ৰ্য আজিৰ   
-       ঠাইতে সবাই অস্মাৰগ্ৰস্থ হৈ পৰে  

সেই একেখনি পৃথিৱী তোমাৰে মোৰে-   
যি বা পৃথিৱী এটা কুমজেলেকুৱা    
গঁড় মৰিলে জানো গঁড় হে মাথোঁ মৰে-   
বাঢ়ে দেখোঁ লুব্ধক লিপ্সা পয়োভৰ
কাজিৰঙাত যেতিয়া এটা গঁড় মৰে  
প্ৰেমহীনতাই শুকুৱা পয়োধৰ       

No comments:

Post a Comment