চনেটৰ চনেট ১ (পেট্রাৰ্কীয়)
চৈধ্যটা আখৰ চৰণত বহুৱাবা।
(ক, ১৪)
ত্ৰিপদীৰ পংক্তিপ্ৰতি পদসংখ্যা তিনি, (খ, ১৪)
চাৰি হ'লে তাকে কওঁ চতুষ্পদী বুলি। (খ, ১৪)
দুশাৰী মিলিলে তাক দ্বিপদী বুলিবা। (ক, ১৪)
পেট্রাৰ্কীয় মিলনত কখখক বৰ্ণ - (ক, ১৪)
প্ৰথমে চতুৰ্থই, দ্বিতীয় তৃতীয়ই, (খ, ১৪)
মিলিব পৰষ্পৰে দেখিবা নিশ্চয়।
(খ, ১৪)
চতুষ্পদী দুটা মিলি অষ্টক সম্পূৰ্ণ (খ, ১৪)
ষষ্টক হ'ব পূৰ্ণ তিনি দ্বিপদী মিলি
(গ, ১৪)
দুই ত্ৰিপদী বুলিও তাক জনা যাব। (ঘ, ১৪)
আছে দ্বিপদী, ত্ৰিপদী আৰু চতুষ্পদী (গ, ১৪)
একত্ৰে যদিহে - লোকে চনেট বুলিব। (ঘ, ১৪)
চৈধ্য চৰণে পাবা ছন্দ সমস্তখিনি (গ, ১৪)
চনেট সেয়ে ছন্দৰ সম্ৰাজ্ঞী হৈ ৰ'ব।
(ঘ, ১৪)
*
চনেটৰ চনেট ২ (শ্বেইক্সপীয়েৰীয়)
তিনিটাকৈ সুকীয়া চতুষ্পদী দেখিবা
শ্বেইক্সপীয়েৰীয় চনেটৰ বেলিকা
শেষত এটা দ্বিপদীৰে অন্ত কৰিবা
আৰু তাতে তোমাৰ সাৰভাগ ৰাখিবা।
অসমীয়া ভাষাত প্ৰিয়তমাৰ চিঠি
হেমচন্দ্ৰ গোস্বামীৰ প্ৰথম চনেট,
পেট্রাৰ্কীয়। শ্বেইকছপীয়েৰৰ আৰ্হি-
যি বৰবৰুৱাৰ কাণৰ থুৰীয়াত।
বান্ধোনতে থাকে মুক্তিৰ সঁচাৰ-কাঠী
পূৱা জনমি নিতে গোধূলি মৰে ৰবি
চৈধ্য ভূৱনৰ চৌধুৰীও হ'ব মাটি
মৰিব ডিছপোজেবল কাব্যৰ কবি
অসমীয়া অধমে এৰি কাব্যৰ ছন্দ
আঁকোৱালি ল'লে মাথোঁ অহেতুক দ্বন্দ। 
No comments:
Post a Comment