![]() |
| Art: Mahan Jyoti Dutta |
১
ৰ'দেই হওক বা বৰষুণেই হওক
মই ছাতি ব্যৱহাৰ নকৰোঁ।
ছাতি সঘনে হেৰায়। মোৰ দোষ নাই, সেয়া ছাতিৰেই স্বভাৱ।
বহু মানুহ পাইছোঁ যি পাহৰণিতে ক'ৰবাত ছাতিটো এৰি থৈ
আহে।
ছাতিতো আৰু এবাৰ ব্যৱহাৰ কৰি পেলাই থৈ অহা বস্তুও নহয়।
ছাতিটো হেৰুওৱাৰ ভয়ত যে ছাতি ব্যৱহাৰ নকৰোঁ
কথাটো আচলতে ঠিক তেনে নহয়
আন কোনোবাখিনিতহে আচল ভয়
কোনোবাদিনা যদি মোক কোনোবাখিনিত এৰি থৈ আহি ছাতিটো ঘৰ
ওলায়হি
তেতিয়া বাৰু কি হ'ব
কি হ'ব
২
ছাতি সকলোৰে বাবে নহয়
ছাতি ল'লেই নহ'ব, ছাতি ল'বলৈ জানিব লাগিব।
বৰকৈ গা বচাই সাৱধানে খোজ কাঢ়িব লাগে জোৰকৈ অহা বৰষুণজাকত
এফালে হেলনীয়া কৰি ধৰিলে আন ফালে তিতে
আনফালে দো খুবালে আনফালে তিতে
যিহকে যি নকৰক কিয় শেষত গা নাবাচে
গা বচাই চলিব নজনা মানুহে ছাতি কেনেকৈ ল'ব?
৩
ভমকাফুলীয়া বৰষুণৰ অৰ্বুদ বিন্দু ব্যতিৰেকেও
ছাতিৰ দাঁতিকাষৰীয়া জোঙা আগখিনিৰে সৰকা
টোপাল
টোপাল
পানীখিনিতে ছন্দ বিচাৰি বৰ মজা পাওঁ
কথাটো বাৰু এনেকুৱা নেকি
যিদৰে আমি সমুখত ফুলপাহি থাকিলেও
মানুহে কাগজত অঁকা ফুলপাহিহে বেছি ভাল পাওঁ
সেয়েহে মই ক'লা ছাতি, বগা ছাতি, ৰঙা নীলা ছাতি বেয়া
পাওঁ
বৰষুণ আহিলেই বৰঞ্চ মেলি লওঁ এটা ৰবি ছাতি
আৰও দাও আৰও আৰও আৰও দাও ...
আপনাকে এই লুকিয়ে-ৰাখা ধুলাৰ ঢাকা ধুইয়ে দাও
৪
ৰ'দ বৰষুণৰ পৰা আপোনাক বচাব পাৰক বা নোৱাৰক
ছাতিয়ে অভয় বাণী ঠিকেই শুনায়
দিয়ে আশ্ৰয়ৰ পৰম তৃপ্তি
বৰষুণৰ বতৰত ছাতিবোৰ দেখোঁ আহি থকা আৰু গৈ থকা
দেখোঁ নিৰাপত্তাৰ ঘৰবোৰ আহি থকা আৰু গৈ থকা
দেখোঁ আত্ম তৃপ্তিৰ হাঁহিবোৰ আহি থকা আৰু গৈ থকা
দেখোঁ ঘৰুৱা গোমোঠা মুখবোৰ আহি থকা আৰু গৈ থকা
ছাতি ব্যৱহাৰ কৰিবলৈ এৰাৰ দিনাৰ পৰাই বুজিলোঁ
গোটেই জীৱন মই উদ্বাস্তু হৈয়েই কটাব লাগিব

No comments:
Post a Comment