Tuesday, July 19, 2016

ইতিহাস - দুটা চনেট

ইতিহাস (চনেট) ১ 

কলহটোৱে নাজানে ক'ৰ মাটিৰে তাক গঢ়া -   
মাথোঁ জানে সি মাটিৰ মাটিৰ হ'লেও পানীৰহে এতিয়া সি।     
খহাইছিল নেকি সেই একেখিনি পানীয়ে একেখিনি মাটি-    
কলহটোৱে ক'তো নাই শুনা ক'তো নাই পঢ়া।    

কলহটোৱে নাজানে ক'ৰ মাটিৰে তাক গঢ়া -   
এতিয়া সি চিনি পায় মাথোঁ ললনাৰ লাহতী কঁকাল,   
জানে জীতেন্দ্ৰ জয়াপ্ৰদাৰ নাচোন, বুজে সি ঝাপতাল,   
ৰান্ধনীশাল আৰু মানুহৰ পিয়াহ দেখে ঘৰ টুটা বঢ়া

'ৰ বা মাটিৰে তাক গঢ়িছিল কলহটোৱে সেয়া নাজানে -  
এতিয়া মাথোঁ সি জানে যে সি এদিন ভাঙিব, ভাঙি পৰিব আজিকালি 
ভাঙি পৰাৰ ভয়তে সি ঘাটলৈ নাযায়, আৰু নামানে মনে   
তাৰ যাবলৈ লাহতী কঁকালৰ দোলদোপ হেন্দোলদোপ ছন্দ তুলি...   
সি বাৰু জানে নে - যি কলহে নিজকে সামৰি সুতৰি আনে 
ভাঙি পৰাৰ ভয়ত, সেই কলহকে মানুহে সোনকালে ভাঙে বুলি?
  
ইতিহাস (চনেট) ২

পানীৰ দুৰ্বাৰ গতিক প্ৰতিৰোধ কৰি মাটিৰ যি তুমুল বিদ্ৰোহ 
সেই বিদ্ৰোহত কলহটো কাহানিও নাই  
এমুঠি মাটিৰ ভৱিষ্যৎ আৰু আন এমুঠিৰ অতীতৰ সমাৰোহ
হৈয়ো কুম্ভগৰ্ভ পূৰায় এতিয়া শূণ্যতাই  

মাটি ভাঙি নদীৰ গতি সলনি কৰি উজান ভাটি নামানি
ইতিহাস গঢ়াৰ পানীৰ সেই যি বিল্পৱ
কলহটোৱে সেই বিপ্লৱৰ মাজৰ পৰাই এচলু পানী  
আছুতীয়াকৈ আবৰি আনি এতিয়া নীৰৱ 

ভঙা কলহৰ মাটিক 
কুমাৰেও দিব নোৱাৰে পুণু একেটা কলহৰ দেহা 
সেয়েহে কলহ নাস্তিক 
কলহ বিদ্ৰোহ বিৰোধী, কলহ বিপ্লৱ বিৰোধী; এৰা  
বিৰোধ বিৰোধী সঠিক  
কাৰণ কলহটোৱে নাজানে, 'ৰ মাটিৰে তাক গঢ়া...  

No comments:

Post a Comment