মই উভতি আঁতৰি আহিম
আহি আহি
দূৰৈৰ পর্বতটো হৈ ৰ’ম
যাক তুমি ভাল পাইছিলা
যাৰে সাহস বান্ধিছিলা
বুকুত
ভাদমহীয়া ওভতনি
সোঁতকে হওঁ
পথাৰৰ চোতালৰ
শাম কাটক উন্মাদনা
বনৰ ঋতু ধৰা বন্ধা
মনৰ ঋতু বান্ধ নমনা
তোমাৰ চকুৰ ঠাৰতে ঋতু
সলনি হয়
চকুৰ ঠাৰতেই আকৌ মেঘে
গাজিব
বৰষুণ দিব। ৰঙাজান
খহিব
উন্মাদ হৈ উঠিব
দ’লগুৰি পথাৰ
দেহা হ’ব দিহিঙৰ গৰা
সদ্যহতে
ভাদমহীয়া ওভতনি
সোঁতকে হওঁ
দুনাই দূৰৈৰ
পর্বতটোকে হওঁ। কঁহুৱা গজক
মোৰ বুকুৰ বালিচৰতো
শাঁত পৰক উন্মাদনা,
তোমাৰ মৰম ৰওক
ঢলতো তোমাৰ মৰম, পলতো।। ৰচনা- ২০০০
No comments:
Post a Comment