Monday, January 2, 2017

বাৰমাহী ভুল [চনেট]

এটা সময়ৰ পিছত ভুলবোৰ গৈ থৈ আৰু ভুল হৈ নাথাকে।
কেতিয়াবা স্থানে কেতিয়াবা সময়ে কিম্বা
সমূলঞ্চে সলনি কৰিছে ভুলৰ সংজ্ঞা।   
এটা ঋতুৰ ভুল যি বা দেখোঁ আন এটা ঋতুত ফুল হৈ ফুলে। 
   
আজাৰৰ বেজাৰ আঁ‌তৰি, এসময়ত বেজাৰে আকৌ আৱৰে।  
খতিয়ন ৰাখোতাৰ আউল লাগে পৃষ্ঠা;  
অৰ্থহীন হয় সময়ত প্ৰশ্নৰ সংখ্যা।   
পলাশৰ জুই নুমাই জ্বলে, কৃষ্ণচূড়াৰ হাট সামৰি বহে।

ক’ৰ পানী ক’লৈ গ’ল, কত সাধুকথা হেৰাই গ’ল!   
কত নিচুকনিত ইকাটি সিকাটি হ’ল কত যে কাৰ কলা ঘুমটি! 
হ’বৰ বোৰ হ’ল, নহ’বৰ বোৰো তেনেকৈয়ে হ’ল।   
মূৰ দাঙি উঠিব খুজিও কিমান গচকত মৰিল কেঁচু কুমটি।   
ভুলবোৰ ফুল হ’ল, কালত, ফুলবোৰ ভুল হ’ল।    
তই হে ৰ’লি এটা বাৰমাহী ভুল হৈ, তোকে লৈ এই বেকাৰ চুপতি।   


No comments:

Post a Comment