সমুদ্র কূলতে বহি পানী পানী কৰি সি মৰে
সমুদ্র কূলতে বহি পানী পানী কৰি সি মৰে
কি যে চাতক আপোন ঘাতক লেখন কেনে চোৱা বিধিৰে
মেঘে পানী নবৰিষিলে
চাতকৰ ঠোঁট নিতিয়ালে
চাতকে যি প্রতিজ্ঞা ৰাখিলে
তৃষ্ণাতুৰে তাক নাছাৰে
চাতক থাকিল মেঘলৈ চাই
বতাহে নিলে মেঘ উৰুৱাই
চাতকৰ প্রাণ কোনে বা বচায়
বাট থাকে চাই আকূল প্রাণেৰে
লালনে কয় অ’ হে’ৰ মন
নহল যে তোৰ ভজন সাধন
বিনে চিৰাজ সাঁইৰে চৰণ
জীৱন হ’ল তোৰ পাত বৃথাৰে

No comments:
Post a Comment