[“हम दोनों साथ चले / दोनों एक दूसरे को नहीं जानते थे/ साथ चलने को जानते थे”
- বিনোদ কুমাৰ শুক্লা]
অন্ধকাৰৰ দিগন্তত জ্যোতিৰেখা;
কাণিমুনি নে ধলফাট, মুনিচুনি নে ফেঁহুজালি
সেয়া।
ৰক্তিম উজ্জ্বল কিন্তু কুঁৱলীয়ে শেঁতা
পেলোৱা
এটা বিন্দুৰ ফালে
আমি দুয়ো হাতে হাতে ধৰি আগবাঢ়িছিলোঁ।
হিৰন্ময় নে ৰজত পাত্ৰ সেয়া?
পিতনিত ককবকাই থাকোতে আমি
ইজনে সিজনৰ হাতদুখন পাইছিলোঁ।
আমাৰ চেতনাৰ কম্পাছ হেৰাইছিল।
হাতে হাতে ধৰি আমি সেই জিলিকি থকা বিন্দুৰ
ফালে
আগবাঢ়িবলৈ শিকিছিলোঁ
আগবাঢ়িছিলোঁও
সেইফালে, মই যাক সূৰ্য বুলি ভাবি আছিলোঁ
সেইফালে, তেঁও যাক চন্দ্ৰ বুলি ভাবি আছিল।।
-
সমুদ্ৰ
কাজল শইকীয়া

No comments:
Post a Comment