[ৰশ্মিৰেখা বৰাৰ হাতত]
কথা আছিল, এটাও যদি শিশু মৰে অনাহাৰত
দেশত
এজনো যদি বৃদ্ধ মৰে অৱহেলিত চিকিৎসাত
যিকোনো এটা প্ৰান্তত
তই ৰ’বি জবাবদিহি
ৰাষ্ট্ৰ
সংখ্যাৰ ফুলজাৰীত মত্ত এই গণতন্ত্ৰৰ উল্লাসৰ মাজত
এইটোওতো কথা আছিল যে
এজনো যদি ব্যক্তিয়ে দুহাত দাঙি কয়
মোৰ কথা শুনক
তই শুনিবি
ৰাষ্ট্ৰ
ল’ৰাহঁত পঢ়, ছোৱালীহঁত পঢ়,
তহঁতৰ সমস্ত সুৰক্ষাৰ ভাৰ মোৰ
তহঁতে মাথোঁ মোৰ ভৱিষ্যৎ গঢ়
কথা আছিল চূড়ান্ত বিপৰ্যয়ৰ কালতো
তোৰ মুখত এই কথাই শুনিম
ৰাষ্ট্ৰ
ৰাষ্ট্ৰ আজি তোৰ সকলো কাহিনী ৰাষ্ট্ৰ হ’ল
মানুহৰ মুখৰ মাত কাঢ়ি, পেটৰ ভাত কাঢ়ি,
আজি অপুষ্টিত নিজৰে ওফন্দি উঠা পেট তোৰ
ভূ-ভাৰস্তত ৰাষ্ট্ৰ হ’ল
তোৰ বাবে আজি আৰু গৰ্বত ওফন্দি নুঠে মোৰ বুকু
অ’ মোৰ
হতচিৰি ৰাষ্ট্ৰ, তোৰ মুখত থুই।।
No comments:
Post a Comment