Saturday, January 11, 2020

অৰাষ্ট্ৰক


আমি অৰাষ্ট্ৰক।
ভীষণ অৰাষ্ট্ৰক অৱস্থাত আছোঁ।

চিঞৰি চিঞৰি গলাৰ সিৰ ফাটি গ’লেও
ৰাষ্ট্ৰই নুশুনে
জ্বলি থকা জুই নেদেখে
আমি মৰি গ’লেও
ৰাষ্ট্ৰৰ একো নাহে একো নাযায়

থকা আৰু নথকাৰ মাজৰ  
সৎ আৰু অসতৰ মাজৰ
প্ৰহেলিকা
উপনিষদৰ দিনৰে পুৰনি কথা
মানুহ নাই সংখ্যা আছে, পেট নাই ভোক আছে
ঘৰ নাই আলহী আছে, নেওতা নাই অংক আছে
ৰাষ্ট্ৰ নাই
ৰাষ্ট্ৰাতংক আছে

আমি থকা আৰু নথকাৰ
ঘটা আৰু নঘটাৰ
উদাসীনতাত
ৰাষ্ট্ৰৰ নিজৰেই অনস্তিত্বৰ অস্তিত্ব

এয়া ভীষণ অৰাষ্ট্ৰক যোগ পৰিছে, কাণখোৱা ভাই
ভীষণ অৰাষ্ট্ৰক যুগ।



No comments:

Post a Comment