Friday, February 14, 2020

অভিমন্যু ২০২০

উছাহ আছে, আগ্ৰহ আছে, দায়িত্ব চেতনা
আছে, দায়িত্ব চেতনা, বেহু ফালি আগবাঢ়ে অভিমন্যু পোনা 
খিত খিত খিত ধেই দাও দাও কৈ আগবাঢ়ে ছেৱে ছেৱে ন-শিকাৰু দপ দপ জোঁৰ জ্বলে দাও দাও কৈ ভিৰ ফালি বাঢ়ি চলে ন-যুঁজাৰু 
সপ্তৰথী বেঢ়ি মাৰে কি হৈব মোৰ গতি বিস্তাৰেণ আলমিতি নাছিল ৰণনীতি 
আংকোৱালি লহ আই অ’ মোক গৰ্ভত অৰ্ধজ্ঞানে ছেদিছে বৰ্ম মোৰ সৰ্বত্ৰ 
সপ্তৰথী বেঢ়ি মাৰে কি হৈব বিলাই বুলি বিলাপ মতা বুঢ়ীমাকক ল’ৰাটিয়ে আজি ডবিয়ায় ওলোটাই :
বিলাপ সামৰ আইতা, পাৰ যদি খোলৰ বাজানাখন শিকা আগৰে পৰা নিশিকা কথা মানুহে ঠেকি শিকে, দেখি শিকে, লেখি শিকে, মানুহে ঠেকি শিকে কেনেবাকৈ বেহু ফালি অভিমন্যু ওলাই আহিব লাগিলে কি হ’ব সেয়া জগতে জানে জগতে জানে
অভিমন্যুক বেঢ়ি ধৰা সপ্তৰথীকো বেঢ়ি ধৰিব সোপাই হাজাৰ অভিমন্যুৱে আন বেহুৰ বাহিৰতো বহু বেহু আছে, জনতাৰ বেহুখন ঘাই ধন খোলটো আন, পোনা ঢোলটো আন
ককাদেউতা অ’, অ’ আইতা…
·         [কাণখোৱাৰ মালিতা (কাণখোৱা পদাৱলী), এইটো সুৰ কৰি গোৱা হয়]


No comments:

Post a Comment