Friday, February 20, 2015

ঘৃণা কণ

গেলা বোকাৰ পথাৰ এখনত হাল বাই আছোঁ। ঘৃণাৰ গুটি অলপ সঁচলৈ থৈছিলোঁ।
এবেলি তাকে সিঁচিম।
তই খাবি, মই খাম, পোৱে খাব, জীয়ে খাব...

থাক থাক থাক

বাৰে বাৰে ভাগৰি পৰোঁ। ঘাম মছোঁ বাউসীৰ।
যোবাবেলি সিঁচা ভালপোৱাৰ সঁচ সোপাই পতান ওলাল

শালিকি এ ৰতৌ তৌ

ভুলতে লোকৰ পথাৰত হাল বায় কাণখোৱায় নিতৌ...

No comments:

Post a Comment