Saturday, February 28, 2015

লৰিছে (অন্য চনেট)

বৰৰ পাত লৰিছে, অ' দেহা, লৰিছে নাহৰৰ পাত 
ঘনে ঘনে লৰিছে খনিকৰৰ, আৰু শিপিনীৰ হাত  
লৰিছে কেল পানীয়েহে নে, লৰিছে লুইতৰ ঘাট
লৰিছে মানুহৰ মুখৰ মাত; লৰিছে চৰুৰ ভাত  
খেনোৰ লৰিছে চকু বাওঁ, খেনোৰ মেলা লৰিছে ছুলি;
চাদৰৰ আগ লৰিছে খেনোৰ, ধৰাত লৰিছে ধূলি।
চান্দো লৰিছে, সুৰুজো লৰিছে, লৰিছে ধৰা দিনে-ৰাতি;
ব্ৰহ্মা বিষ্ণু মহেশ লৰিছে - ত্ৰিজগতৰ নিৰন্ত পতি।
ৰজাও লৰিছে, প্ৰজাও লৰিছে, ভূচিত্ৰালীত দেশ; 
ভঁৰালত চা লৰিছে ধান, গানৰ লৰিছে অশেষ।
মৰমো লৰিছে, চেনেহো লৰিছে, লৰিছে আৰু পৰশ;
লৰিছে নদী, লৰিছে মাটি, ঢলে পেলাই যোৱা পলস।

মাথোঁ কাণখোৱা লৰা নাই চা, বহি সাবটি আছে হাত। 
মনটো মাথোঁ লৰিছে তাৰ, জগৰটো লাগিলগৈ তাত।।   

No comments:

Post a Comment