বৰৰ পাত লৰিছে, অ' দেহা, লৰিছে নাহৰৰ
পাত।
ঘনে ঘনে লৰিছে খনিকৰৰ, আৰু
শিপিনীৰ হাত।
লৰিছে কেৱল পানীয়েহে নে, লৰিছে লুইতৰ ঘাট।
লৰিছে মানুহৰ মুখৰ মাত; লৰিছে
চৰুৰ ভাত।
খেনোৰ লৰিছে চকু বাওঁ, খেনোৰ মেলা লৰিছে ছুলি;
চাদৰৰ আগ লৰিছে খেনোৰ, ধৰাত
লৰিছে ধূলি।
চান্দো লৰিছে, সুৰুজো লৰিছে,
লৰিছে ধৰা দিনে-ৰাতি;
ব্ৰহ্মা বিষ্ণু মহেশ লৰিছে
- ত্ৰিজগতৰ নিৰন্ত পতি।
ৰজাও লৰিছে, প্ৰজাও লৰিছে,
ভূচিত্ৰাৱলীত দেশ;
ভঁৰালত চা লৰিছে ধান, গানৰ
লৰিছে অৱশেষ।
মৰমো লৰিছে, চেনেহো লৰিছে,
লৰিছে আৰু পৰশ;
লৰিছে নদী, লৰিছে মাটি, ঢলে
পেলাই যোৱা পলস।
মাথোঁ কাণখোৱা লৰা নাই চা, বহি সাবটি আছে
হাত।
মনটো মাথোঁ লৰিছে তাৰ, জগৰটো
লাগিলগৈ তাত।।
No comments:
Post a Comment