Friday, February 20, 2015

সাঁতোৰ (চনেট)

বহি আছোঁ সমুখত পানী এতিয়া জাঁপ এটা দিবহে লাগে  
পদাৰ্থ বিজ্ঞানৰ যৎকিঞ্চিত অশ্যে জানোঁ দেখিছোঁ কেনেকৈ
হাত ভৰিৰ সঞ্চালন কৰিব লাগে পানীত সাঁতুৰিবলৈ
এটা মাধ্যমত দখল হ'বলৈ হ'লে কছৰৎ কৰিব লাগে

সকলোৱে নোৱাৰে লাগে সৎ সাহস সেইখিনিতো মোৰ আছে !
আছেনে? জানোঁ মাটিৰ ধৰ্ম কি, বতাহৰ কি আৰু পানীৰ কি
পানীত নামিলে হ'ব পৰা সমস্যাৰ প্ৰতিকাৰ বোৰ বা কি
জানোঁ; জানোঁ বায়ু পানীৰ ঘনত্বৰ তাৰতম্য অল্পবিস্তৰে।

স্মৰণ কৰিলোঁ গ্ৰাহ গজেন্দ্ৰ আমি পানীৰ জী নহয় যে  
সৰুতে সাঁতোৰ শিকা নহ'ল মোৰ পিছে আজিয়েই শিকিম
বোলে, "বুৰাজনে পাৰ পালে, নেপালে পাৰ যে পাৰ হোৱা জনে"-   
- খুছৰুৰ দৰিয়া - বুজাই নুবুজাই গালোঁ এই জঁপিয়াম
        এটাহে জাঁপ! মাছমৰীয়া এটাই আহি ক'লে, "বেলি বহিলে, 

        কাণখোৱা তই ঘৰলৈ যা।" আজিলৈ থাকক, কাইলৈ আহিম

No comments:

Post a Comment