Thursday, June 30, 2016

আগৰ দৰে আকৌ ভালপোৱাৰ কথা নক'বি সোণ

মুঝছে পেহলি চি মুহাব্বত মেৰে মেহবুব না মাংগ...
মূল- ফইজ আহমদ ফইজ
সুৰ- মেডাম নুৰ জেহান, ৰাগ- ইমন কল্যাণ
অসমীয়াকৰণ- সমুদ্ৰ কাজল শইকীয়া



আগৰ দৰে আকৌ ভালপোৱা কথা নক'বি সোণ
আগৰ দৰে আকৌ ভালপোৱা কথা নক'বি সোণ

মই ভাবিছিলোঁ যে তোক পালেই পাম বৈকুন্ঠৰে ধাম 
তোৰ দুখৰ মণিটি লৈ নেলাগে মোক কুবেৰৰো ধান
তোৰ এই মুখনিতে অনন্ত বসন্তৰে গান   
তোৰ দুচকুতেই মোৰ পূৱা মোৰ দিবাসান

তোক আপোন কৰি 'লেই মুঠিতে মোৰ পৰশ পাথৰ 
সেয়াতো নহ', মাথোঁ সাজিছিলোঁ আশাৰেহে ঘৰ
ভালপোৱাতকৈয়ো আৰু অন্য দুখো আছে সংসাৰত
প্ৰেমৰ সিপাৰেও আছে অন্য হেঁপাহ এই মৰতত

অমানিশাই ঢাকি ৰাখিছে আমাক কত শত কাল
চেনেহৰ আঁচলেৰে ৰাখিব খোজা মানতা 
প্ৰান্তে প্ৰান্তে দেখোঁ বজাৰত কেনেকে' বিক্ৰি হোৱা
দেখিছোঁ ছাই হোৱা, তেজতে লুতুৰি পুতুৰি হোৱা  
মহাব্যাধিৰ জুহালত পোৰা মানুহৰ দেহা
পুতিগন্ধময় ক্ষত বিক্ষত মানুহৰ দেহা

মোৰ দৃষ্টিয়ে পোণায় সেইফালেও বাট কি যে কৰোঁ
আজিও ধুনীয়া তোৰ মান কোনো নাই পিছে কি যে কৰোঁ
ভালপোৱাতকৈয়ো আৰু অন্য দুখো আছে সংসাৰত
প্ৰেমৰ সিপাৰেও আছে অন্য হেঁপাহ এই মৰতত

আগৰ দৰে আকৌ ভালপোৱা কথা নক'বি সোণ 
আগৰ দৰে আকৌ ভালপোৱা কথা নক'বি সোণ


No comments:

Post a Comment