তৰা ভৰা আকাশৰ
তলত আমি বহি আছিলোঁ।
"কমৰেড,
আমি বাৰু হাৰি গ'লোঁ নেকি এইবাৰ?"
"হাৰিবলৈ আমিনো
আকৌ যুঁজত কেতিয়া নামিলোঁ?"
দুৱাৰত টোকৰ
পৰে, খকমকাই পালোঁ সাৰ।
দাপোনত মুখ চাবলৈ
গৈ দেখোঁ তেনেই ধূলিৰে ভৰা।
জাৰি জোকাৰি
ধূলি মাকটি চাফা কৰোতে এপৰ হ'ল।
এই ওলাওঁ বুলিও
ওলাব নোৱাৰিলোঁ ঘৰৰ পৰা-
চেঙেলীয়া এটাই
ৰিঙিয়াই গ'ল - উৎসৱ শেষ হ'ল।
বেলিফুলৰ খেতিৰ
বাবে আনিলোঁ সঁচৰ গুটি।
আৰু খেতিৰ মাটি
এডৰা কিনিবৰ বাবে গেবাৰি খাটিলোঁ
নগৰে চহৰে ঘূৰি,
দফতৰে দফতৰে ফুৰি।
বেলিফুলৰ তেলৰ
ফেক্টৰিক শেষত মাটিডৰা বেচিলোঁ।
হিচাপ কৰি উঠি সকলো খৰচ - ঘৰ ভাড়াৰ,
শাক পাচলিৰ
কাণখোৱাক সোধোঁ, দাম কিমান লিখিম অলপমান টোপনিৰ?

No comments:
Post a Comment